NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ বিৰুদ্ধে উচটনি! ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰতে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 28, 2025 11:17 am

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই চেনেলসমূহৰ মুঠ ৬৩ নিযুত চাবস্ক্ৰাইবাৰ আছে। এই চেনেলসমূহে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু সম্প্ৰচাৰ কৰি আহিছিল বুলি অভিযোগ উঠিছে।

চৰকাৰী সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ইউটিউব চেনেল বন্ধ কৰা হৈছে। নিষিদ্ধ চেনেলসমূহৰ ভিতৰত আছে পাকিস্তানৰ আগশাৰীৰ সংবাদ মাধ্যমৰ চেনেলসমূহো আছে। উদাহৰণস্বৰূপে ডন, সামা টিভি, এ আৰ ৱাই নিউজ, বোল নিউজ, ৰাফটাৰ, জিঅ’ নিউজ আৰু ছুনো নিউজো আছে।

ইয়াৰ উপৰিও পাকিস্তানী সাংবাদিকৰ ইউটিউব চেনেলো নিষিদ্ধ কৰা হৈছে। ইৰছাদ ভাট্টি, আছমা শ্বিৰাজী, উমৰ চিমা, মুনিব ফাৰুক আদিৰ ইউটিউব চেনেলো নিষিদ্ধ কৰা হৈছে।

এই চেনেলবোৰে ভাৰতীয় সেনা, নিৰাপত্তা সংস্থা, ভাৰতৰ বিৰুদ্ধে ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰিছিল। পেহেলগাম আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন কাশ্মীৰী যুৱকৰ মৃত্যুৰ পিছত বিভিন্ন কন্টেন্টৰ জৰিয়তে সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱা হৈছিল।

এই পদক্ষেপে ভাৰতীয় নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ বিৰুদ্ধে পাকিস্তানী সংবাদ মাধ্যমৰ উচটনিৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ কঠোৰ স্থিতিকে স্পষ্ট কৰি তোলে।