NORTHEAST NOW (Assamese)
অসম

লোকসভাৰ ৫খন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2024 5:50 pm

অসম প্ৰদেশ কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ পাঁচটা সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰিছে।

এই কথা নিশ্চিত কৰিছে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উল্লেখ্য যে অসমত মুঠ ১৪টা লোকসভা সমষ্টি আছে।

কংগ্ৰেছে ১৪খন আসনৰ ভিতৰত ৫খন আসনত প্ৰাৰ্থী চূড়ান্ত কৰাৰ বিপৰীতে বাকী থকা ৯খন আসনৰ ভিতৰত সংযুক্ত বিৰোধী মঞ্চ অসম (ইউ অ’ এফ এ)ৰ দলসমূহৰ বাবে কেইখনমান আসন এৰি দিয়াৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ অসম কংগ্ৰেছৰ বাবে অপেক্ষা কৰি আছে আৰু বিপৰ্যয়? কি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘১৪টা সমষ্টিৰ বাবে আমি ৭০খনতকৈও অধিক আবেদন লাভ কৰিছিলোঁ। আমাৰ স্ক্ৰীনিং কমিটীয়ে পাঁচটা সমষ্টিৰ প্ৰতিটো সমষ্টিৰ বাবে এজনকৈ প্ৰাৰ্থী চিনাক্ত কৰিছে।’

তেওঁ লগতে কয়, ‘বাকী ৯ খনৰ দুজনকৈ প্ৰতিদ্বন্দ্বী আছে। ইয়াৰে কিছুমান আমাৰ ইউ অ’ এফ এৰ অংশীদাৰসকলক আগবঢ়োৱা হ’ব পাৰে।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে ২০ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যৰ বাকী ৯টা সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

লগতে পঢ়কঃ JEE Mains 2024-ত উত্তৰ-পূবৰ ভিতৰত শীৰ্ষস্থান দখল জ্যোতিষ্মান শইকীয়াৰ

ইয়াৰ পূৰ্বে ইউঅ’এফএৰ অন্যতম অংশীদাৰ আম আদমী পাৰ্টিয়ে লোকসভাৰ তিনিটা সমষ্টি — ডিব্ৰুগড়, গুৱাহাটী আৰু শোণিতপুৰৰ প্ৰাৰ্থী ঘোষণা কৰিছিল।