NORTHEAST NOW (Assamese)

 ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ দল গাঁৱত ফেচাঁৰ ৰহস্যজনক মৃত্যু 

February 14, 2018 4:11 pm · উত্তম শইকীয়া
Updated: February 14, 2018 4:55 pm

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ দল গাঁৱত আজি মৃত অৱস্থাত চাৰিটা ফেচাঁৰ পোৱালী উদ্ধাৰ হয় ৷

প্ৰাপ্ত তথ্য মতে আজি দল গাওঁ চিকিৎসালয়ৰ কাষৰ এজোপা গছৰ তলত মৃত অৱস্থাত পৰি থকা চাৰিটা ফেচাঁ পোৱালী স্থানীয় লোকে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷

খবৰ পায়ে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ স্থানীয় প্ৰকৃতি সংগঠন ৱাইল্ড উইিঙৰ সহযোগত মৃত ফেচাঁ পোৱালী চাৰিটাক সংগ্ৰহ কৰে ৷

ইয়াৰ পিছতে বন বিভাগে সংগ্ৰহ কৰা  ফেচাঁ পোৱালী কেইটাক পৰীক্ষাৰ বাবে ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰে ৷

কি কাৰণত ফেচাঁ পোৱালী কেইটাৰ মৃত্যু হ’ল তাক বাতৰি লিখাৰ পৰলৈকে জানিব পৰা হোৱা নায়।

Related News