NORTHEAST NOW (Assamese)
অসম

কলাক্ষেত্ৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে হাজং ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগতে অধিৱেশন

Posted by: এন ই নাও নিউজ February 14, 2018 2:53 pm
poster

সদৌ অসম হাজং ছাত্ৰ সন্থাৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু দশম ত্ৰিবাৰ্ষিক অধিৱেশন তথা কামৰূপ জিলা হাজং ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন মঙলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।

এই অধিৱেশনত বিভিন্ন জাতি-জনগোষ্ঠী আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব।

বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ছহিদ তৰ্পণ, প্ৰতিনিধি বৈঠক,মুকলি আলোচনাচক্ৰ, মুকলি সভা আদি অনুষ্ঠিত হ’ব।

অধিৱেশনৰ কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে নিশা সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজঙৰ সভাপতিত্বত   অনুষ্ঠিত হয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক আৰু ইয়াৰ পিছতে অনুষ্ঠিত হয় কামৰূপ জিলা হাজং ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা।

এই আলোচনৰ জৰিয়তে বিগত সময়ছোৱাৰ  সম্পাদিত কাম-কাজ সম্পৰ্কত বিশদভাবে আলোচনা কৰে। এই আলোচনাৰ অন্তত  প্ৰথমখন প্ৰতিনিধি বৈঠক অনুষ্ঠিত হয়।

আনহাতে, ৰাতিপুৱা ৮.৩০ বজাত পতাকা উত্তোলনৰে অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী মুকলি কৰা হয়।  ইয়াৰ পিছতে অনুষ্ঠিত হয় ছহিদ তৰ্পণ।

ছহিদ তৰ্পণ কাৰ্যসূচীৰ পিছতে পুৱা ৯.৩০ বজাত অনুষ্ঠিত হয় দ্বিতীয়খন প্ৰতিনিধি বৈঠক।

দ্বিতীয় দিনৰ মুখ্য কাৰ্যসূচী ৰূপে দুপৰীয়া মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘অসমৰ সাম্প্ৰতিক পৰিস্থিতিত জনগোষ্ঠীয় আৰু জাতীয় সংগঠনসমূহৰ ভূমিকা’ শীৰ্ষক এখন মুকলি আলোচনা সভা।

সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনাচক্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, ‘আমাৰ অসম’ৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, ‘প্ৰতিদিন টাইমছ’ৰ সম্পাদক খগেন কলিতা, ডিমাচা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰফুল্ল হাফিলাৰ লগতে উপস্থিত থাকিব কেইবাগৰাকী বিশিষ্ট লোক।