NORTHEAST NOW (Assamese)

ঔফলিয়া গাঁৱক আদৰ্শ পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তোলাৰ আহ্বান ডিব্ৰুগড়ৰ উপায়ুক্তৰ

March 21, 2018 8:19 pm · অভিক চক্ৰবৰ্তী
Updated: March 21, 2018 8:21 pm

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লায়া মাদুৰিয়ে আজি জিলাখনৰ ঔফলিয়া গাঁও ভ্ৰমন কৰে। গাঁওখন ভ্ৰমণ কৰি উপায়ুক্ত গৰাকীয়ে গাঁওখনক এখন আদৰ্শ পৰিষ্কাৰ গাঁও হিচাপে গঢ়ি তুলিবলৈ গাঁওবাসীক আহ্বান জনায়।

উল্লেখযোগ্য যে ২০১৬ চনৰ ১৮ নবেম্বৰত ঔফলিয়া গাঁৱক মুকলিত মলত্যাগ নকৰা গাঁও হিচাপে ঘোষণা কৰা হৈছিল।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি লায়া মাদুৰিয়ে পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰত বক্তৃতা দি গাঁওখনৰ লোকসকলক নিজ গাঁওখনক পৰিষ্কাৰ কৰি ৰখাৰ লগতে এখন আদৰ্শ পৰিষ্কাৰ গাঁৱলৈ উন্নিত কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পিছত উপায়ুক্ত গৰাকীয়ে গাঁওখনত গছপুলি ৰূপন কৰাৰ লগতে সকলোকে অধিককৈ গছপুলি ৰূপন কৰি গাঁওখনক এখন সেউজীয়া গাঁৱলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়।

ইয়াৰোপৰি তেওঁ সকলোকে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰগণ কৰি নিজৰ গাঁওখনক পৰিষ্কাৰ কৰি তুলিবলৈ আহ্বান জনায়।

Related News