NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ বিৰুদ্ধে ৰায় দিছে জনসাধাৰণে : আগাথা ছাংমা

Posted by: ছাইদুল খান March 4, 2018 11:23 am
Agatha-Sangma-NPP-rally-at-Tura-570x320

দক্ষিণ তুৰা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা আগাথা ছাংমাই বিজয়ৰ বাবে সকলো কৃতিত্ব দিছে মেঘালয়ত এনপিপিক প্ৰতিষ্ঠা কৰা তেওঁৰ জ্যেষ্ঠ বাতৃ তথা দলটোৰ মুৰব্বী কনৰাড ছাংমাক।

‘’ এনপিপিৰ এই বিজয় দলৰ এক দলীয় আৰু প্ৰাৰ্থীসকলৰ প্ৰচেষ্টাৰ লগতে আমাৰ প্ৰয়াত নেতা পুৰ্ণ ছামাৰ প্ৰতি থকা ভালপোৱাৰ ফল।,’’-আগাথাই তেওঁৰ বাসভৱনত সাংবাদিকৰ আগতএইদৰে কয়। দেওবাৰে পূৰ্ণ ছাংমাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী।

শনিবাৰে ৰাতিপুৱা প্ৰয়াত ছাংমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ সমাধিস্থলীলৈ গৈ আশীৰ্বাদ লৈছিল।

আগাথাৰ সমৰ্থক সকলে বিজয়ৰ পিছত প্ৰাৰ্থীগৰাকীৰ চাৰিওফালে সমবেত হৈ উল্লসিত হৈ পৰে আৰু ভোটগণনা অনুষ্ঠিত হোৱা স্থানৰ পৰা বাসগৃহলৈ প্ৰায় ১কিলোমিটাৰ পথ সমৰ্থক আৰু সমৰ্থকৰ গাড়ীৰে প্ৰায় বন্ধ হৈ পৰে।

‘’ মেঘালয়ত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিষ্ঠান বিৰোধী ঢৌৱে কাম কৰিছে আৰু ফলাফলে এনপিপিক ৰাজ্যখনত ৰাইজৰ বাবে কিছু ভাল কাম কৰাৰ সুযোগ আনি দিছে,’’-উৎসাহী আগাথাই এনেদৰে কয়।

সন্মানীয় তুৰা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিষয়ত তেওঁ কয় যে গাৰো পাহাৰৰ এই গুৰুত্বপূৰ্ণ চহৰখনত বহুতো প্ৰত্যাহ্বান আছে।

‘’মই তুৰাক এখন আদৰ্শ চহৰ হিচাপে গঢ়ি উঠাটো বিচাৰো আৰু জনসাধাৰণে এটা মান সম্পন্ন জীৱন যাপন কৰাৰ সুবিধা পোৱা উচিত,’’-আগাথাই কয়।

‘’ মহিলা ভোটাৰসকলে বিশেষকৈ বহু কলেজীয়া ছাত্ৰ-ছাত্ৰী ভোটদান কৰিবলৈ অহা দেখি আচৰিত হৈছিলো। মই তেওঁলোকৰ অসন্তুষ্ট হ’বলৈ দিব নোৱাৰো,’’-তেওঁ কয়।

২০১৩ চনত গাৰো পাহাৰত মাত্ৰ দুখন আসন লাভ কৰা এনপিপিয়ে উল্লেখনীয়ভাৱে এইবাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে, এনপিপিৰ বাবে ডাঙৰ আঘাত হৈছে দলৰ বিধায়ক নিহিম ডি সিৰাৰ পৰাজয়। তেওঁ কংগ্ৰেছৰ মুকুল ছাংমাৰ হাতত ১৮৩০ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছে।

সন্মানীয় দক্ষিণ তুৰা সমষ্টিটোক এসময়ত প্ৰয়াত পূৰ্ণ অঘিটক ছাংমাই প্ৰতিনিধিত্ব কৰিছিল। সেইটো সমষ্টিৰ পৰাই প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আগাথা কে ছাংমাই বিজেপিৰ প্ৰাৰ্থী বিল্লিকিড ছাংমাক ১৬০৩ টা ভোটত পৰাজিত কৰি ৰাজ্য বিধানসভালৈ নিৰ্বাচিত হৈছে।