NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ছিকিম গণতান্ত্ৰিক মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংসদ পিডি ৰাইৰ শুভেচ্ছা

Posted by: এন ই নাও March 4, 2018 12:25 pm
SDF

ছিকিম গণতান্ত্ৰিক মঞ্চ চমুকৈ এছডিএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সাংসদ প্ৰেম দাস ৰায়ে।

ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰযোগে এক টুইট কৰি ৰায়ে কয়: যিসকল লোকে ছিকিমত বাস কৰে আৰু ৰাজ্যখনক ভাল পায় সেই সকলোকে ছিকিম গণতান্ত্ৰিক মঞ্চৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মই আন্তৰিক শুভেচ্ছা, অভিনন্দন জ্ঞাপন কৰিছো। জয় এছ ডিএফ, জয় ছিকিম।–নতুন ছিকিম সুখী ছিকিম-। আমাৰ সকলো নেতালৈ ধন্যবাদ।

উল্লেখ্য যে দেওবাৰে ছিকিম গণতান্ত্ৰিক মঞ্চৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে ৰংগপুত উদযাপন কৰা হয়।

দলীয সূত্রই প্রকাশ কৰা অনুসৰি অহা বৰ্ষত ৰাজ্যখনত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তথা ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এছডিএফে এই কাৰ্যসূচীৰ জৰিয়তে ভৱিষ্যৎ কাৰ্যপন্থা ঘোষণা কৰাৰ সম্ভৱনা আছে।

ছিকিম গণতান্ত্ৰিক মঞ্চৰ এই প্ৰতিষ্ঠা দিৱসক লৈ ইতিমধ্যে ব্যাপক উছাহ উদ্দীপনা দেখা গৈছে দলটোৰ কৰ্মী সকলৰ মাজত। অনুষ্ঠানটোত ভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে এছডিএফৰ শীৰ্ষ সূত্ৰই।

উল্লেখ্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৱন চামলিং উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত কালিমপুঙৰ বিখ্যাত নাট্যগোষ্ঠী ‘ভানু ৰা পালা’ই নাট প্ৰদৰ্শন কৰিব।

সম্প্ৰতি ইয়াকে লৈ পাহাৰীয়া জিলাখনৰ ৰাইজৰ মাজত যথেষ্ঠ উছাহ দেখা পোৱা পৰিলক্ষিত হৈছে।