NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ দলৰ কৰ্ণধাৰ সমিতিৰ পৰা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী হেমপ্ৰভা শইকীয়াৰ পদত্যাগ

Posted by: এন ই নাও নিউজ March 23, 2018 7:29 pm

জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়াই দলটোৰ উচ্চ পৰ্য্যায়ৰ নীতি নিৰ্ধাৰণৰ দায়িত্বত থকা কৰ্ণধাৰ সমিতিৰ পৰা পদত্যাগ কৰিছে।

HemaPrabhaSaikia

তেওঁ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে এই সিদ্ধান্তৰ কথা অৱগত কৰিছে। পত্ৰখনত তেওঁ লিখিছে যে যুৱ নেতাসকলৰ বাবে বাট মোকলাই দিয়াৰ স্বাৰ্থত তেওঁ এই পদত্যাগৰ সিদ্ধান্ত লৈছে। অৱশ্যে তেওঁ দলৰ প্ৰতি সেৱা আগ বঢ়াই যাব বুলিও কৈছে।

উল্লেখযোগ্য হেমপ্ৰভা শইকীয়া নাজিৰা সমষ্টিৰ এসময়ৰ বিধায়িকা আছিল। লগতে তেওঁ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদো। তেওঁৰ পুত্ৰ দেব্ৰবত শইকীয়া বৰ্তমান নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাত বিৰোধী দলৰ সভাপতি।