NORTHEAST NOW (Assamese)

কংগ্ৰেছ নিশকতীয়া নহয় ; যুৱ কংগ্ৰেছীৰ মাৰপিটেই প্ৰমাণ : প্ৰদ্যুৎ বৰদলৈ

June 29, 2018 1:47 pm · অনিৰ্বাণ পাঠক
ৰাজীৱ ভৱনত সংবাদমেলত বক্তৱ্য ৰখাৰ মুহূৰ্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ। ফটো : ইউ বি

যুৱ কংগ্ৰেছীৰ মাজত মাৰপিট বা অপ্ৰীতিকৰ ঘটনা কোনো নতুন কথা নহয়। কংগ্ৰেছ দল নিশকতীয়া বা দুৰ্বল নহয়, যুৱকংগ্ৰেছীৰ মাজত সেয়ে এনেধৰণৰ ঘটনা ঘটে! এইদৰে যুৱকংগ্ৰেছীৰ মাৰপিটৰ কাৰণ বিশ্লেষণ কৰিলে এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই।

বুধবাৰে যুৱকংগ্ৰেছৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে একাংশ সদস্যৰ মাজত হোৱা সংঘাতৰ কাৰণ বিচাৰি উলিয়ালে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰদ্যুত বৰদলৈয়ে। সংবাদমেলত এই কথা প্ৰকাশ্যে ব্যক্তও কৰিলে বৰদলৈয়ে।

বৃহস্পতিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত যুৱকংগ্ৰেছীৰ মাৰপিটৰ ঘটনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বৰদলৈয়ে ক’লে, ‘কংগ্ৰেছ দল যদি নিশকতীয়া হ’লহেতেন বা দুৰ্বল হ’লহেতেন আৰু কংগ্ৰেছ দলত যদি যুৱ প্ৰজন্ম জড়িত নহ’লহেতেন তেতিয়া হ’লে এনেধৰণৰ ক্ষোভৰ উদ্গীৰণ নহ’লহেতেন।‘

বৰদলৈয়ে লগতে কয় যে অসমৰ চুকে-কোণে যুৱপ্ৰজন্ম দলটোৰ লগত আবেগিকভাৱে জড়িত হৈ আছে বাবেই কেতিয়াবা নোপোৱাৰ ক্ষোভত বা নভবাকে পৰাজয়বৰণ কৰিবলগীয়া হ’লেই তেওঁলোকৰ মনত ক্ষোভৰ উদ্গীৰণ হয়।

যুৱ কংগ্ৰেছৰ নিৰ্বাচন লবীকেন্দ্ৰীক হোৱা কথাটোও মানি নলয় প্ৰদ্যুত বৰদলৈয়ে। লগতে এই নিৰ্বাচনত একাংশ জ্যেষ্ঠ কংগ্ৰেছ নেতাই নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ হকে ধনবল-বাহুবল প্ৰয়োগ কৰাৰ কথাটোও হেনো বেছিকৈহে ওলাইছে বুলি ক’লে দলৰ উপসভাপতিজনে। যুৱকংগ্ৰেছৰ নিৰ্বাচনত তেওঁ নিজৰ কোনো প্ৰাৰ্থী নাই বুলিও সংবাদমেলত ষ্পষ্ট কৰি দিয়ে।

অৱশ্যে যুৱকংগ্ৰেছীৰ এই নিৰ্বাচনকেন্দ্ৰীক সংঘাতে তেওঁৰ লগতে দলটোক লজ্জিত কৰা বুলি কয় প্ৰদ্যুত বৰদলৈয়ে। তেওঁ কয় যে এই ঘটনা অবাঞ্চনীয় আৰু ই জ্যেষ্ঠ কংগ্ৰেছীসকলক অপ্ৰস্তুত কৰি তুলিছে।

বুধবাৰৰ ঘটনাত জড়িতসকলৰ বিৰূদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে উপসভাপতি প্ৰদ্যুত বৰদলৈয়ে।

Related News