NORTHEAST NOW (Assamese)

কদৰ্যময় পথ : ৰঙাপৰাত ৰাস্তাত ভুই ৰুই ৰাইজৰ প্ৰতিবাদ

June 24, 2018 11:28 am · ৰিতুপৰ্ণ চক্ৰৱৰ্তী
ৰঙাপৰাত পকীকৰণৰ দাবীত পথৰ ওপৰতে ভুই ৰুই ৰাইজৰ প্ৰতিবাদ। ফটো : ৰিতুপৰ্ণ চক্ৰৱৰ্তী

এটা পথৰ দুৰৱস্থাই ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰালে। ৰঙাপৰাৰ অতি ভিতৰুৱা অঞ্চল জামুনবিল কলনী হৈ ৰঙাপৰা সংযোগী পথৰ দুৰৱস্থাই ৰাইজক জলা কলা খুৱাই আহিছে ৷

স্বাধীনতাৰ পাছৰে পৰা এটি পকী পথৰ দাবী কৰি অহিছে উক্ত অঞ্চলৰ ৰাইজে।  কিন্তু স্থানীয় বিধায়ক তথা সাংসদ গৰাকীয়ে ৰাইজৰ সুবিধাৰ্থে পথছোৱা পকীকৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ আজি পথছোৱাত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

পথ পকীকৰণৰ দাবীত জৰাজীৰ্ণ পথৰ ওপৰত ৰাইজৰ প্ৰতিবাদ। ফটো : ৰিতুপৰ্ণ চক্ৰৱৰ্তী

জামুনবিল,কলনি,ফৰেস্ট গেট, উৰহিলগা আদিকে ধৰি কেইবাখনে গাঁৱৰ একমাত্ৰ সংযোগী উক্ত পথছোৱা বাৰিষা কালত বোকাময় হৈ পৰাত পথছোৱাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী,ৰোগী তথা ৰাইজে মৰণক শৰণ দি বোকা মাটি গছকি পাৰ হ’বলগীয়া হয়।

পথছোৱাৰ অৱস্থা ইমানেই বেয়া যে বাৰিষা কালত এম্বুলেন্স সেৱাটো বাদেই কোনো যান-বাহন যাতায়ত কৰিব নোৱাৰে। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে একমাত্ৰ ভোট লাভৰ আশাৰে গাঁও কেইখনত পথছোৱা পকীকৰণৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাইজে জনপ্ৰতিনিধিজনৰ মুখ দেখা নাপায়৷

যমৰ যাতনাত ভুগি অহা ৰাইজে ৰাজ্যৰ গঢ়কাপ্তানি বিভাগৰ মন্ত্ৰী  তথা স্থানীয় বিধায়ক আৰু সাংসদ গৰাকীয়ে অতিশীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা নকৰিলে আগন্তক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত ল’ব বুলি সকীয়াই দিয়ে।

Related News