NORTHEAST NOW (Assamese)
ক্ৰীড়া

কমনৱেল্থ গেইমছ : শ্বুটিঙত স্বৰ্ণ জয় কৰিলে ছিকিমৰ শ্বুটাৰ জিতু ৰায়ে

Posted by: এন ই নাও নিউজ April 11, 2018 12:02 pm
Jitu-CWG-1-570x320

অষ্টেলিয়াৰ গল্ডক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছ ২০১৮ত মণিপুৰৰ দুগৰাকী ভাৰত্তোলক ছাইখম মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে সোণৰ পদক অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে আন এজন উত্তৰ-পূবৰ খেলুৱৈ তথা ছিকিমৰ তাৰকা শ্বুটাৰ জিতু ৰায়ে ১০ মিটাৰ এয়াৰ পিষ্টলত স্বৰ্ণ পদক জয় কৰি প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ খেলুৱৈৰ দপদপনি অব্যাহত ৰাখে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বেলমণ্ট শ্বুটিং চেণ্টাৰত অনুষ্ঠিত ফাইনেলত জিতুয়ে ১০ মিটাৰ এয়াৰ পিষ্টলত কমনৱেল্থ গেইমছৰ নতুন অভিলেখ গঢ়ি স্বৰ্ণ পদক জয় কৰে। তেওঁ ফাইনেলত ২৩৫.১ পইণ্ট লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ কেৰী বেল্টে লাভ কৰে ২৩৩.৫ পইণ্ট।

মনকৰিবলগীয়া যে কমনৱেল্থ গেইমছত ছিকিমৰ তাৰকা শ্বুটাৰ জিতু ৰায়ৰ এয়া দ্বিতীয়টো সেণৰ পদক। ইয়াৰ পূৰ্বে ২০১৪ চনত স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছত জিতুৱে ৫০ মিটাৰ শাখাত সেণৰ পদক লাভ কৰিছিল।

আনহাতে কমনৱেল্থ গেইমছত পোন প্ৰথমবাৰৰ অংশ লোৱা ভাৰতৰ ওমে একেটা শাখাতে ২১৪.৩ পইণ্ট সংগ্ৰহ কৰি লাভ কৰে ব্ৰঞ্জৰ পদক।

ইফালে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ভাৰতৰ মেহুলী ঘোষ আৰু অপূৰ্বী চান্দেলাই ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।