NORTHEAST NOW (Assamese)
অসম

অসম সন্তান গোলাপ ৰাভাৰ মিষ্টাৰ ৱৰ্ল্ড খিতাপ অৰ্জন

Posted by: এন ই নাও নিউজ October 22, 2018 10:44 am
0e9f289ed4c2f166b2f06adacfa78bd5

ৰাজ্যখনলৈ পুনৰ এক বিৰল সন্মান কঢ়িয়াই আনিলে আন এগৰাকী অসম সন্তান গোলাপ ৰাভাই। এইবাৰ আন্তৰ্জাতিক পৰ্যায়ৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিলে অসম সন্তানগৰাকীয়ে।

কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ কলিয়াবাৰীৰ গোলাপ ৰাভাই ২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত আই ডব্লিউ এফ এফ-ডব্লিউ বি বি এফয়ে আয়োজন কৰা প্ৰতিযোগিতাখনত মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰে।

ইয়াৰ পূৰ্বে গোলাপ ৰাভাই ২০১৭ আৰু ২০১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ লগতে চলিত বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপো দখল কৰিছিল।

অসমীয়া শৰীৰচৰ্চাবিদ গোলাপ ৰাভাৰ শেহতীয়া প্ৰদৰ্শন ৰাজ্যখনৰ এই ক্ষেত্ৰখনত আত্মনিয়োগ কৰা সকলৰ বাবে প্ৰেৰণা হৈ পৰিছে।

উল্লেখযোগ্য যে গোলাপ ৰাভা বিশ্বৰ শৰীৰ চৰ্চা ক্ষেত্ৰখনত একেবাৰে নতুন নাম নহয়। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰাৰ পূৰ্বে তেওঁ মিষ্টাৰ আছাম, মিষ্টাৰ ইষ্টাৰ্ণ ইণ্ডিয়া, মিষ্টাৰ লুইত আদি খিতাপ লাভ কৰিছিল।

সদৌ অসম বডি বিল্ডিং এছোচিয়েশ্যনৰ এগৰাকী প্ৰতিনিধি গোলাপ ৰাভাই ভৱিষ্যতে ৰাজ্যখনলৈ আৰু অধিক সন্মান কঢ়িয়াই অনাৰ লগতে নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবেও অনুপ্ৰেৰণা হৈ ৰ’ব।