NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2025 1:22 pm

ভৱিষ্যতে আৰ্থিক সহায় লাভ কৰিবলৈ চিবিল স্ক’ৰ (CIBIL Score) ভাল হৈ থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি ধৰা হ’লেও এতিয়া এই নিয়মত আহিছে পৰিৱৰ্তন। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে যে প্ৰথমবাৰৰ বাবে ঋণ লোৱাৰ ক্ষেত্ৰত চিবিল স্ক’ৰ কম হ’লেও বেংকে ঋণ প্ৰদান কৰিব লাগিব।

সময়ৰ সৈতে মানুহৰ দৈনন্দিন প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। বহু সময়ত এই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ উপাৰ্জন বা জমা ধন যথেষ্ট নোহোৱাত লোকসকলক ঋণৰ আশ্ৰয় ল’বলগা হয়। সাধাৰণতে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে ঋণ প্ৰদানৰ পূৰ্বে ব্যক্তিজনৰ চিবিল স্ক’ৰ পৰীক্ষা কৰে। যদি সেই স্ক’ৰ ভাল নহয় তেতিয়া ঋণ লাভত অসুবিধা হয়।

কিন্তু এতিয়া কেন্দ্ৰই স্পষ্ট কৰিছে, প্ৰথমবাৰৰ বাবে ঋণৰ ক্ষেত্ৰত নূন্যতম চিবিল স্ক’ৰ বাধ্যতামূলক নহ’ব। অৰ্থাৎ, প্ৰথমবাৰৰ বাবে ঋণ লওঁতে স্ক’ৰ কম হ’লেও বেংকে আবেদন নাকচ কৰিব নোৱাৰে।

লোকসভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে ৰিজাৰ্ভ বেংকৰ গাইডলাইনতো ঋণৰ বাবে কোনো নূন্যতম ক্ৰেডিট স্ক’ৰ ৰ কথা উল্লেখ নাই। কেৱল ক্ৰেডিট হিষ্ট্ৰী নথকাৰ কাৰণে বেংকে আবেদন নাকচ কৰিব নোৱাৰে।

তথাপি আন ক্ষেত্ৰত বেংকে ক্ৰেডিট হিষ্ট্ৰী, ঋণ পৰিশোধত বিলম্ব, আৰু আন প্ৰয়োজনীয় তথ্য পৰীক্ষা কৰি ঋণ প্ৰদান কৰিব লাগিব বুলি স্পষ্ট নিৰ্দেশনা দিয়া হৈছে।

ইয়াৰ উপৰিও ক্ৰেডিট ইনফৰ্মেশ্যন কোম্পানীসমূহে ক্ৰেডিট ৰিপ’ৰ্ট প্ৰদানৰ বাবেহে সৰ্বাধিক ১০০ টকা ল’ব পাৰিব। ইয়াতকৈ অধিক ল’ব নোৱাৰিব বুলি সংসদত স্পষ্টকৈ উল্লেখ কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰকীয়ে।