NORTHEAST NOW (Assamese)
অসম

কমনৱেল্‌থ গেইমছ : কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ হ’ল লাভলীনা বৰগোহাঁই

Posted by: এন ই নাও নিউজ April 8, 2018 5:05 pm
Lovlina-Borgohain-570x320

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলি থকা ২১শ কমনৱেল্‌থ গেইমছৰ বক্সিঙত আজি অসমৰ লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত সমানে সমানে যুঁজি দিও মূৰকত পৰাজিত হয়। তেওঁ ৬৯ কেজি শাখাত ইংলেণ্ডৰ ছেণ্ডি ৰিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল। তিনিটা ৰাউণ্ডৰ প্ৰতিটোতে লাভলীনাই কঠিন যুঁজ চলাই গৈছিল। লাভলীনা আৰু ছেণ্ডিৰ পইণ্টৰ ব্যৱধান আছিল ১৪০-১৪৫.

আজিৰ খেলখনত জিকিব পৰা হ’লেই লাভলীনাই পদক পালেহেঁতেন যদিও খেলুৱৈগৰাকী সেই গৌৰৱৰ পৰা বঞ্চিত হ’ল। তেৱেঁ আছিল বৃহৎ প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত অসমৰ একমাত্ৰ বক্সিং খেলুৱৈ।

উল্লেখযোগ্য যে আজি কেইঘণ্টামানৰ পূৰ্বে হোৱা এখন খেলত দেশৰ জ্যেষ্ঠা তথা খ্যাতিমান বক্সাৰ মণিপুৰৰ মেৰী কমে স্কটলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি ছেমিত প্ৰৱেশ কৰিছে। মেৰী কমে ৪৫-৪৮ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আনহাতে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে ইতিপূৰ্বে স্বৰ্ণপদক জয় কৰিছে। লগতে মণিপুৰৰে চৰিতা দেৱীয়েও কালিৰ খেলত জয়ী হৈ বক্সিঙৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।