NORTHEAST NOW (Assamese)
অসম

গ্ৰেপ্তাৰ হ’ল বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা; ৰাস্তাৰ পৰা নি মহাবিদ্যালয়ৰ কোঠাত মাৰপিট যুৱকক

Posted by: এন ই নাও নিউজ April 8, 2018 4:48 pm
arrested biswanath college lecturer

এজন যুৱকক পথৰ পৰা বাইকত উঠাই নি বিশ্বনাথ মহাবিদ্যালয়ৰ কোঠাৰ ভিতৰত নি মাৰপিট কৰাৰ অভিযোগত মূল অভিযুক্ত মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ প্ৰবক্তা ছফিউৰ ৰহমানৰ লগতে আন দুজন কৰ্মচাৰী বিশ্বজিত ভাগৱতী আৰু ৰক্তিম ভূঞাক আজি ৮ এপ্ৰিলত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যুৱকজনৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা যুৱকজনক প্ৰথমে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত তেওঁৰ আঘাত গুৰুতৰ হোৱা বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।

উল্লেখযোগ্য যে যুৱকজনক মাৰপিট কৰা ভিডিঅ’ এটা সংবাদমাধ্যমযোগে প্ৰচাৰিত হৈছিল।

আনহাতে মাৰ খোৱা যুৱকজনে অভিযুক্ত প্ৰবক্তাজনৰ ভতিজা স্কুলীয়া ছাত্ৰী এগৰাকীক ম’বাইলত অশ্লীল বাৰ্তা আৰু ভিডিঅ’ পঠোৱাক লৈ ছাত্ৰীগৰাকীৰ পৰিয়ালে পূৰ্বে আপত্তি কৰিছিল আৰু জানিব পৰা মতে যুৱকজনৰ দেউতাকে ঘটনাটোৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ওচৰত তাৰ বাবে ক্ষমা খুজি বিষয়টো শাম কটাইছিল।

ঘটনাটোৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা কোনো এজাহাৰ দাখিল কৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে।