NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

উত্তৰ ত্ৰিপুৰা ধৰ্মনগৰত ৰাজ্যিক কৰ্মচাৰী সংঘৰ সন্মিলন অনুষ্ঠিত

Posted by: পান্না ঘোষ April 8, 2018 4:39 pm

উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰত অৱস্থিত বিবেকানন্দ সাৰ্ধ শতবাৰ্ষিকী ভৱনত আজি ত্ৰিপুৰা ৰাজ্যিক কৰ্মচাৰী সংঘৰ উত্তৰ ত্ৰিপুৰা জিলা কমিটিৰ প্ৰথমখন জিলাভিত্তিক সন্মিলন অনুষ্ঠিত হয়।

ত্ৰিপুৰা ৰাজ্যিক কৰ্মচাৰী সংঘৰ উদ্যোগত আৰু ভাৰতীয় মজদুৰ সংঘৰ সহযোগত আয়োজিত উক্ত সন্মিলনখনত বিভিন্ন ক্ষেত্ৰৰ পৰা অহা এহেজাৰতকৈ অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

আজিৰ এই অনুষ্ঠানটোত ত্ৰিপুৰা ৰাজ্যিক কৰ্মচাৰী সংঘৰ সভাপতি শংকৰ দেব, সদস্য কৃষ্ণ জ্যোতি ভট্টচাৰ্য, ৰনবিৰ ভট্টচাৰ্য, অনিমেষ ধৰ, দিলিপ কুমাৰ ভৌমিককে ধৰি অনান্য লোকসকল উপস্থিত আছিল।

সন্মিলনখনক সম্বোধন কৰি সভাপতি শংকৰ দেবে ৰাজনৈতিক দল মত নিৰ্বিশেষে সকলোকে আঁকোৱালি লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে কয় যে প্ৰতেকে আইন শৃংখলা মানি চলাৰ উপৰি সম্পুৰ্ণ নিষ্ঠাৰে কাম কৰাৰ বাবে চেষ্টা কৰিব লাগে।