NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ত্ৰিপুৰাৰ নৱগঠিত বিজেপি-আইপিএফটি মিত্রজোঁট চৰকাৰৰ দপ্তৰ বিতৰণ

Posted by: পিনাকী দাস March 10, 2018 1:09 pm
Biplab.jpg

ত্ৰিপুৰাত বিপ্লৱ কুমাৰ দেৱ নেতৃত্বধীন বিজেপি-আইপিএফটি মিত্রজোঁট চৰকাৰখনৰ মন্ত্ৰী সকলৰ মাজত শনিবাৰে দপ্তৰ বিতৰণ কৰা হয়।

সেই অনুসৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে গৃহ, গড়কাপ্টানী, উদ্যোগ আৰু বাণিজ্য, সাধাৰণ প্ৰশাসন, শ্ৰম, তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা, য়ুডিডি বিভাগ নিজৰ লগত ৰখাৰ বিপৰীতে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাক শক্তি, বিত্ত, পি এণ্ড আৰডি, পৰিকল্পনা বিভাগৰ দায়িত্ব দিয়ে।

আনহাতে ৰতনলাল নাথক শিক্ষা, আইন, সংসদীয় পৰিক্ৰমা, সংখ্যালঘু, অন্যান্য পিছপৰা শ্ৰেনীৰ দায়িত্ব অৰ্পণ কৰে।

তদুপৰি  নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মাক ৰাজহ আৰু ফিচাৰী বিভাগৰ দায়িত্ব দিয়া হয়।

একেদৰে সুদীপ ৰয় বৰ্মনক স্বাস্থ্য আৰু পৰিয়াল কল্যান, বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ বিভাগৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী দেৱে। আনহাতে প্ৰাণজিৎ সিনহাক কৃষি, পৰিবহণ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী পদ দিয়া হয়।

উল্লেখ্য যে ইয়াৰ বাহিৰে মনোজ কান্তি দেৱক ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, খাদ্য, অসামৰিক যোগান, মেভাৰ কুমাৰ জামাতীয়াক বন আৰু পৰিৱেশ, জনজাতি কল্যান বিভাগৰ দায়িত্ব দিয়া হয়।

তদুপৰি নৱগঠিত ত্ৰিপুৰা বিধানসভাৰ একমাত্ৰ মহিলা প্ৰতিনিধি সান্ত্বনা চাকমাক সমাজ কল্যান আৰু সামাজিক শিক্ষা, বন্যপ্ৰানী সমল উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ অধ্যক্ষতাত ত্ৰিপুৰা কেবিনেটৰ প্ৰথমখন বৈঠক

শেহতীয়া বাতৰি মতে দপ্তৰ বিতৰণৰ পাছতে আগৰতলাৰ সচিবালয়ত মুখ্যমন্ত্ৰী দেৱৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ত্ৰিপুৰাৰ নতুন চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠক।