NORTHEAST NOW (Assamese)
দেশ

ৰে’লৱে পৰীক্ষা বিৰোধী আন্দোলন: পৰ্যালোচনা বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2022 7:39 pm
Railway exam protest

ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ পৰীক্ষা সন্দৰ্ভত শেহতীয়া নীতিৰ বিৰুদ্ধে ক্ৰমাৎ উত্তপ্ত হৈ অহা প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শুকুৰবাৰে ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৰীক্ষাৰ প্ৰক্ৰিয়া পৰ্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰিছে।

সন্ধিয়া আহ্বান কৰা বৈঠকত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসকলে পদসমূহ পূৰণ কৰাৰ বাবে ৰে’লৱেৰ দ্বাৰা গ্ৰহণ কৰা নিয়োগ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।

পিএমঅ’য়ে বিশেষভাৱে ২০০৪ চনত অনুসৰণ কৰা নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিব বিচাৰে বুলি ৰাষ্ট্ৰীয় সংবাদ সংস্থা ইণ্ডিয়া টুডেই এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।

উল্লেখ্য যে ৰে’লৱে নিযুক্তি ব’ৰ্ডে গ্ৰহণ কৰা শেহতীয়া বাছনি প্ৰক্ৰিয়াৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ছাত্ৰ সমাজে তীব্ৰ আন্দোলন গঢ়ি তুলিছে।

ৰে’লৱে নিযুক্তি ব’ৰ্ডে গ্ৰহণ কৰা বাছনি পদ্ধতিটো কম অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে পক্ষপাতদুষ্ট বুলি দাবী কৰিছে প্ৰশিক্ষাৰ্থী সকলে।

সোমবাৰে পাটনাৰ ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেলত বৃহৎ সংখ্যক প্ৰতিবাদকাৰী পৰীক্ষাৰ্থীয়ে ৰে’লৱে ট্ৰেক অৱৰোধ কৰাৰ পাছত প্ৰতিবাদ হিংসাত্মক হৈ পৰে।

আন্দোলনে উগ্ৰ ৰূপ ধাৰণ কৰাৰ মাজতে প্ৰতিবাদকাৰীসকলে এখন ৰে’লত অগ্নি সংযোগ কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে।

ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ব্যাপক কৰি তুলিবলৈ ছাত্ৰ সংস্থাসমূহে আজি বিহাৰ বন্ধৰ আহ্বান জনাইছে।