NORTHEAST NOW (Assamese)
অসম

সংসদৰ কেন্টিনত ভিআইপিৰ বাবে সস্তা খাদ্যসম্ভাৰৰ দিন উকলিল; বন্ধ ৰাজসাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2019 8:33 pm
467067-parliament

সংসদৰ কেন্টিনৰ পৰা ৰাজসাহায্য সম্পূৰ্ণৰূপে উঠাই দিয়া হ’ব। বিজনেছ এডভাইজেৰী কমিটি (বি এ চি)ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

প্ৰতি বছৰে ১৭ কোটি টকা ৰাজসাহায্যৰ নামত ব্যয় কৰা হয়। সংসদত সাংসদসকলে লাভ কৰা সকলো ৰাজসাহায্য বন্ধ কৰাৰ বাবে অধ্যক্ষই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে।

সকলো ৰাজনৈতিক দলে সন্মতি দিছে যে সংসদ ভৱনৰ কেন্টিনত লাভ কৰা ৰাজসাহায্য বন্ধ কৰা হওক।

এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সংসদৰ কেন্টিনত প্ৰদান কৰা ৰাজসাহায্য ৫ডিচেম্বৰ,২০১৯’ৰ পৰা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বন্ধ কৰি দিয়া হৈছে।

বিজনেছ এডভাইজেৰী কমিটিৰ বৈঠকত সকলো দলৰ সাংসদৰ সন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এতিয়া কেন্টিনত খোৱাৰ দৰ খাদ্যসম্ভাৰ অনুযায়ী নিৰ্দ্ধাৰিত হ’ব। বিগত লোকসভাত কেন্টিনৰ খোৱাবস্তুৰ দৰ বৃদ্ধি কৰি ৰাজসাহায্যৰ পৰিমান হ্ৰাস কৰা হৈছিল। এতিয়াৰ পৰা কোনো ৰাজসাহায্য নাথাকিব।

সংসদ ভৱনত বছৰি খোৱাৰ বিল ১৭ কোটি টকা হয়। সংসদৰ এই ৰাজসাহায্য সম্পূৰ্ণৰূপে বন্ধ হ’ব।

লোকসভাত ৫৪৫ গৰাকী সাংসদ থকাৰ লগতে ৰাজ্যসভাত আছে ২৪৫গৰাকী সাংসদ।