NORTHEAST NOW (Assamese)
অসম

সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ দেহাৱসান

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 5, 2019 8:27 pm
Brajendra Kumar Brahma

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য একাডেমী, ঠাকুৰ সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ আজি সন্ধিয়া দেহাৱসান ঘটে।

দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ অন্তত আজি আবেলি আৰ এন ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ গৰাকীয়ে ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত ব্ৰহ্মই ইহ সংসাৰত পত্নীৰ লগতে দুগৰাকী পুত্ৰক এৰি থৈ যায়। ২৯ চেপ্টেম্বৰৰ পৰা সাহিত্যিক গৰাকী চিকিৎসাধীন হৈ আছিল।

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মক পক্ষাঘাতত আক্ৰান্ত হোৱাৰ পাছতে ২৯ চেপ্টেম্বৰত পশ্চিমবংগৰ শিলিগুৰিৰ এখন ব্যক্তিগত নাৰ্চি হোমত ভৰ্তি কৰোৱা হয়।

ব্যক্তিগত নাৰ্চিং হোমখনৰ আই চি য়ুত ব্ৰহ্মই দীৰ্ঘসময়ৰ বাবে চিকিৎসাধীন হৈ থকাৰ পাছত আৰ্থিক সংকতৰ বাবে ১৯ নৱেম্বৰত তেওঁক শিলিগুৰিৰ পৰা আনি কোকৰাঝাৰৰ আৰ এন ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ বহু আগশাৰীৰ সাহিত্যকৰ লগতে বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিয়ে শোক ব্যক্ত কৰিছে।