NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ প্ৰথম দিনটোতেই উত্থাপিত হ’ল গো-সুৰক্ষা বিধেয়ক-২০২১

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2021 2:52 pm
E6EgFccVoAUPqIS-750x375

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সোমবাৰে প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰে বহুচৰ্চিত গো-সুৰক্ষা বিধেয়ক ২০২১।

প্ৰস্তাৱিত গো-সুৰক্ষা বিধেয়ক ২০২১বিধেয়কখন আলোচনাৰ বাবে উত্থাপন কৰা হৈছে।

ইয়াৰ পূৰ্বে কেবিনেটে বিধানসভাত বিধেয়কথন উত্থাপনত বাবে অনুমোদন জনাইছিল।

বিধেয়কখনৰ জৰিয়তে ‘’ৰাজ্যখনৰ বাহিৰলৈ গৰু চালানত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰয়োগ কৰিব বিচৰা হৈছে।‘’

বাংলাদেশলৈ গৰুৰ অবৈধ চোৰাং ব্যৱসায় বন্ধ কৰাৰ লক্ষ্যৰে বিধেয়কখন উত্থাপন কৰা হৈছে।

ইপিনে, অসম চৰকাৰৰ গো সুৰক্ষা বিধেয়ক উত্থাপন কৰাৰ পদক্ষেপৰ মাজতে গো মাংসৰ প্ৰচলন থকা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গো মাংসৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহলৈ অসমৰ মাজেৰে গৰুৰ চালান হয়। যদি অসমত প্ৰস্তাৱিত বিধেয়কখন গৃহীত হয়, তেতিয়াহ’লে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত মাংস ৰ এক ব্যাপক নাটনি হ’ব।

অসমৰ প্ৰস্তাৱিত গো-সুৰক্ষা আইনে যদি ৰাজ্যখনলৈ গৰুৰ পৰিবহনত প্ৰভাৱ পেলাই তেতিয়া মেঘালয় চৰকাৰে হস্তক্ষেপ কৰিব বুলি মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে জানিবলৈ দিছে।

উল্লেখ্য যে, অসম বিধানসভাৰ চলিত অধিৱেশনত সৰ্বমুঠ ১৩ খন বিধেয়ক উত্থাপন কৰা হ’ব।