NORTHEAST NOW (Assamese)
অসম

কমনৱেল্‌থ গেইমছ : মণিপুৰৰ আন এগৰাকী খেলুৱৈ চৰিতা দেৱী কোৱাৰ্টাৰ ফাইনেলত

Posted by: এন ই নাও নিউজ April 7, 2018 8:34 pm
sarita-devi

চলিত কমনৱেল্‌থ গেইমছত ভাৰতক জিলিকাই ৰাখিছে মণিপুৰৰ মহিলাই। এই পৰ্য্যন্ত ভাৰতে পোৱা পাঁচটা স্বৰ্ণপদকৰ দুটাই আনি দিছে মণিপুৰৰ মহিলা খেলুৱৈয়ে। ভাৰতৰ প্ৰথমটো স্বৰ্ণপদক আনিছিল ভাৰোত্তোলক মীৰাবাই চানুৱে। ইয়াৰ পিছতে সঞ্জিতা চানুৱেও ভাৰোত্তোলনতে দেশৰ দ্বিতীয়টো স্বৰ্ণপদক অৰ্জন কৰে।

মণিপুৰী মহিলা খেলুৱৈসকলৰ এই গৌৰৱময় ধাৰা অব্যাহত ৰাখি আজিৰ এখন খেলত বক্সাৰ চৰিতা দেৱীয়ে তেওঁৰ বাৰ্বাডোজৰ প্ৰতিদ্বন্দ্বী কিম্বাৰ্লি গিটেনছক তিনিটা ৰাউণ্ডৰ আটাইকেইটাতে স্পষ্ট ব্যৱধানত হৰুয়াই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পাঁচজন বিচাৰকৰ আটাইকেইজনৰ ৰায় চৰিতাৰ সপক্ষে যায়।

উল্লেখযোগ্য যে ২০১৪ চনত দক্ষিণ কোৰিয়াত হোৱা এছিয়ান গেইমছত বিচাৰকৰ পক্ষপাতমূলক ৰায়ৰ প্ৰতিবাদত পদক বিতৰণি অনুষ্ঠানত ব্ৰঞ্জৰ পদক ল’বলৈ অস্বীকাৰ কৰি চৰিতাই এবছৰীয়া সাময়িক নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল।

নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পিছতে উদীয়মান বক্সাৰগৰাকীয়ে ঘোষণা কৰিছিল যে নিষেধাজ্ঞাৰ সময়খিনি তেওঁ নিজকে সংশোধন ঘটোৱাত ব্যস্ত হ’ব।