NORTHEAST NOW (Assamese)
অসম

দ্ৰুত হাৰত ক’ৰ’নাৰ সংক্ৰমণ : আজি ২১ গৰাকী মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা প্ৰধান মন্ত্ৰী মোদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 8:35 am

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ অৰ্থাৎ বুধবাৰে ক’ৰ’না ভাইৰাছ প্ৰসংগত মুখ্য মন্ত্ৰী সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আলোচনাত মিলিত হ’ব।

ভাৰতত দ্ৰুত গতিত ক’ৰ’নাৰ সংক্ৰমণ ঘটিবলৈ ধৰা কাৰ্যত সকলো চিন্তিত হৈ পৰাৰ সময়তে ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যাব সেই সন্দৰ্ভত মুখ্য মন্ত্ৰীসকলৰ পৰা পৰামৰ্শ বিচাৰিব মোদীয়ে।

মোদীয়ে আজি দেশৰ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য মন্ত্ৰীৰ সৈতে দুপৰীয়া ৩ বজাত আলোচনাত মিলিত হ’ব।

প্ৰধান মন্ত্ৰীয়ে আজি পঞ্জাৱ, অসম, কেৰালা আৰু পৰ্বোত্তৰ ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰী সমূহৰ সৈতে মত-বিনিময় কৰিব।

আনহাতে কাইলৈ অৰ্থাৎ বুধবাৰে ক’ৰ’নাই ব্যাপক ক্ষতিগ্ৰস্ত কৰা ৰাজ্যসমূহ ক্ৰমে মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু তামিলনাডুৰ দৰে ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব।

উল্লেখ্য যে চীনৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছৰ সমান্তৰালকৈ লকডাউনৰ ফলত ভয়াবহ আৰ্থিক সংকটেও দেখা দিছে ভাৰতত। সেয়ে লকডাউনত বিভিন্ন শিথিলতা আনি দেশত আনলক-১ জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে।