NORTHEAST NOW (Assamese)
অসম

কমনৱেল্‌থ গেইমছ : দেওবাৰে ভাৰতৰ হৈ বক্সিং ৰিঙত নামিব উত্তৰ-পূবৰ দুই বীৰাংগনা মেৰী কম আৰু লাভলীনা

Posted by: এন ই নাও নিউজ April 7, 2018 8:56 pm
mary_com

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলিত কমনৱেল্‌থ গেইমছত দেওবাৰে (৮ এপ্ৰিলত) কাইলৈ বক্সিং ৰিঙত ভাৰতৰ হৈ নামিব বিখ্যাত বক্সাৰ মণিপুৰৰ মেৰী কম আৰু অসমৰ লাভলীনা বৰগোহাঁই।

দুয়োগৰাকী বক্সাৰৰ বাবেই এইকেইখন হ’ব কোৱাৰ্টাৰ ফাইনেল। অৰ্থাৎ ইয়াত জিকিলেই বক্সাৰকেইগৰাকীয়ে পদক পোৱাটো নিশ্চিত হ’ব। মেৰী কমে স্কটলেণ্ডৰ প্ৰতিদ্বন্দ্বী মেগান গৰ্ডনৰ বিৰুদ্ধে খেলাৰ বিপৰীতে লাভলীনাই খেলিব ইংলেণ্ডৰ ছেণ্ডি ৰিয়ানৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ নাৰীশক্তিয়ে অষ্ট্ৰেলিয়াত চলি থকা কমনৱেল্‌থ গেইমছত ভাৰতক উজলাই ৰাখিছে। ইতিপূৰ্বে মণিপুৰৰ মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে ভাৰোত্তোলনত স্বৰ্ণপদক জয় কৰিছিল। মীৰাবাই চানুৰ পদকটোৱেই হ’ল প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰথমটো স্বৰ্ণপদক।

কাইলৈ দেশৰ ভিতৰতে জ্যেষ্ঠা বক্সাৰ তথা তিনিটা সন্তানৰ মাক মেৰী কমে ৪৫-৪৮ কেজিৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে লাভলীনাই প্ৰতিদ্বন্দ্বিতা কৰিব ৬৯ কেজি শাখাত। মেৰী কমৰ খেল আছে ভাৰতীয় সময়মতে সন্ধিয়া ৭.৪৭ ত। আনহাতে লাভলীনাৰ খেল আছে ভাৰতীয় সময়মতে সন্ধিয়া ৯.৩২ ত।