NORTHEAST NOW (Assamese)
Popular Stories

পঞ্চভূতত বিলীন ‘ভাইমন দা’ : মুখাগ্নি কৰি জুবিনে ক’লে ‘দুখটো অনুভৱ কৰিব পাৰি, বুজাব নোৱাৰি’

Posted by: কল্পজ্যোতি শইকীয়া April 7, 2018 9:04 pm
zubeen with munin baruah assam

সকলোকে কন্দুৱাই গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ল ‘ভাইমন দা’ ৰূপে জনপ্ৰিয় একাধাৰে চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ মুনিন বৰুৱা। শনিবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত ৰাজ্যিক মৰ্য্যাদাৰে শেষকৃত্য সম্পন্ন হোৱা অসমৰ চলচ্চিত্ৰজগতৰ ভোটাতৰাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত শিল্পীসকলৰ লগতে অগণন গুণমুগ্ধই ভিৰ কৰা দেখা গ’ল।

পুত্ৰৰ লগতে তেওঁক পিতৃ জ্ঞান কৰা জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গে মুখাগ্নি কৰি শেষ বিদায় জনালে সকলোৰে প্ৰিয় ভাইমন দাক।

‘তেওঁ মোৰ পিতৃতুল্য’ বুলি মন্তব্য কৰি শোকাভিভূত জুবিন গাৰ্গে ক’লে, ‘দুখটো অনুভৱ কৰিব পাৰি, বুজাব নোৱাৰি।’

বৰুৱাৰ মৃত্যুৰ খবৰ পাই মাজুলীত চলি থকা ‘কাঞ্চনজংঘা’ চিনে’মাৰ শ্বুটিং এৰি গুৱাহাটীলৈ ঢপলিয়াই অহা জুবিনে সংবাদ মাধ্যমক কয়, ‘জীয়াই থকা অৱস্থাত তেওঁক মই নাপালোহি। কাঞ্চনজংঘাৰ শ্বুটিঙ আৰম্ভ হোৱাৰ আগদিনা তেওঁক লগ পাইছিলো। আমি তেওঁক আমাৰ নিজৰ মাজত কিমানদিন জীয়াই ৰাখিব পাৰো সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ মোক পুত্ৰ বুলি ভাবে কাৰণেই মাজুলীৰ পৰাই গুচি আহিলো।’

উল্লেখযোগ্য যে জুবিন গাৰ্গে অভিনয় কৰা ‘প্ৰিয়াৰ প্ৰিয়’ই আছিল মুনিন বৰুৱা পৰিচালিত শেষখন ছবি।

আনহাতে শেষকৃত্য অনুষ্ঠানত উপস্থিত থকা আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই শোক প্ৰকাশ কৰি কয়, ‘সকলোৰে শ্ৰদ্ধাৰ মুনিন বৰুৱাই অসমীয়া বোলছবি জগতৰ কথা তথা নতুন নতুন চিন্তাৰ কথা ৰজাঘৰক কৈ আহিছিল। ৰজাঘৰীয়াই মুনিন বৰুৱাই কৈ যোৱা কথাবোৰ ফলাফললৈ ৰূপান্তৰিত কৰি দেখুৱাওক তেতিয়াহে তেওঁলৈ উচিত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।’

অভিনেতা প্ৰাঞ্জল শইকীয়াই কয়, ‘মুনিন বৰুৱাই নাটক, চিনেমাৰ লগতে সামাজিক কথাসমূহো চিন্তা কৰে। নাটক চিনেমাৰ বাহিৰেও ভাইমন দাই মেণ্ডোলিন বাদনো কৰিছিল। লগতে তেওঁ বিভিন্ন গ্ৰন্থও অধ্যয়ন কৰিছিল। তেওঁ নিজে চিনেমা, নাটক পৰিচালনা কৰাৰ লগতে হিন্দী চিনেমাৰ এগৰাকী ভাল দৰ্শক আছিল। এখন এখন চিনেমা ১০-১২ বাৰকৈ চাইছিল।’

জনাজাত অভিনেতাজনে লগতে কয়, ‘অজস্ৰ সম্পত্তিৰ অধিকাৰী হৈয়ো ভাইমন দাই সেইবোৰৰ প্ৰতি পিঠি দিছিল। পিতৃ এগৰাকী মৌজাদাৰ আছিল যদিও তেওঁৰ মৃত্যুৰ পিছত ভাইমন দাই টকা-পইছাৰ হিচাপ কৰা কাম মোৰ দ্বাৰা নহয় বুলি কৈ মৌজা চলোৱাও বাদ দিছিল। সেই বিশাল সম্পত্তি এৰি তেওঁ নাটক-চিনেমাত মনোনিৱেশ কৰিছিল। একেলগে নাটক-চিনেমা কৰি থকা ব্যক্তি আছিল মুনিন বৰুৱা।’

শেষকৃত্য অনুষ্ঠানত উপস্থিত অভিনেতা জয়ন্ত ভাগৱতীয়ে শোক প্ৰকাশ কৰি কয়, ‘মই তেওঁৰ সৈতে ৪ খন চিনেমাত কাম কৰিছিলো। তেওঁ অন্যায়ৰ লগত কেতিয়াও আপোচ কৰা নাছিল। তেওঁ অতি স্পষ্টবাদী আৰু অমায়িক ব্যক্তি আছিল।’

নৱগ্ৰহত শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে মুনিন বৰুৱাৰ নশ্বৰ দেহ নিয়া হৈছিল জ্যোতি চিত্ৰবনলৈ। তাতো প্ৰাক্তন গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগ, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, অভিনেতা নিপন গোস্বামী, অভিনেত্ৰী আইমী বৰুৱা, যতীন বৰাকে ধৰি চলচ্চিত্ৰ জগতৰ অন্য কেইবাগৰাকী গুণমুগ্ধ উপস্থিত থাকে।

আনহাতে নৱগ্ৰহৰ শেষকৃত্য অনুষ্ঠানত অভিনেতা কপিল বৰা, ৰাজহুৱা কৰ্মী দেৱেন দত্ত, কন্ঠশিল্পী জুবলিও উপস্থিত আছিল।