NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ-ফুড গ্ৰেইনচ টেকনো এক্সপ’ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ April 7, 2018 9:28 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মণিৰাম দেৱান  অন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত অসমত প্ৰথম বাৰৰ বাবে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ আৰু ফুড গ্ৰেইনচ টেকনো এক্সপ’ ২০১৮ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখযোগ্য যে অল ইণ্ডিয়া ৰাইচ মিলাৰছ এছ’চিয়েশ্যন আৰু অল আচাম ৰাইচ মিলাৰ এছ’চিয়েশ্যনৰ যুটীয়া উদ্যোগত আয়োজন কৰা দেশৰ ১৫ সংখ্যক তথা অসমত প্ৰথমবাৰৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ আৰু ফুড গ্ৰেইনচ টেকনো এক্সপ’ আয়োজন কৰা হয়।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সোণোলৱালে কয় যে কৃষিৰ ওপৰতে আমাৰ ৰাজ্যৰ অৰ্থনীতি নিৰ্ভৰশীল। গতিকে ৰাইচ আৰু ফুড গ্ৰেইনচ টেকনো এক্সপ’এ ৰাজ্যখনৰ বিশাল কৃষি সম্ভাৱনীয়তাক বিকশাই তুলিব।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অল ইণ্ডিয়া ৰাইচ মিলাৰছ এছ’চিয়েচন আৰু আচাম ৰাইচ মিলাৰ এছ’চিয়েচনৰ অংশীদাৰসকলক আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগেৰে কৃষি খণ্ডত থকা সম্ভাৱনীয়তাক বিকশাই তোলাৰ বাবেও আহ্বান জনায়।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা উদ্যোগপতি সকলক ৰাজ্যৰ কৃষি খণ্ডত বিনিয়োগৰ বাবেও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

আজিৰ অনুষ্ঠানত অল ইণ্ডিয়া ৰাইচ মিলাৰছ এছ’চিয়েচন অধ্যক্ষ জি বি ৰাও, সভাপতি দৰ্শন খৈনী, উপ-সভাপতি যোগেশ আগৰৱালা, সদৌ অসম ৰাইচ মিলাৰছ এছ’চিয়েচনৰ সভাপতি আৰ কে বাজাজ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি সকল উপস্থিত আছিল।