NORTHEAST NOW (Assamese)
অসম

হাজোত আৰক্ষীৰ জালত পৰিল দুধৰ্ষ বাইক চোৰ

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো December 22, 2021 2:51 pm

হাজোৰ তাপাবৰী আৰু দোকনীয়া চৰত চুৰি বাইক বিক্ৰী কৰিবলৈ আহি আৰক্ষী হাতত ধৰা পৰিছে দুই গভাইত চোৰ।

উদ্ধাৰ হৈছে দুখনকৈ চুৰি দুচকীয়া বাহন।

কামৰূপত শেহতীয়াকৈ বৃদ্ধি পাইছে বাইক চোৰৰ দৌৰাত্ম্য।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও সক্ৰিয় বাইক চোৰৰ গেং।

এইবাৰ হাজোৰ চৰ অঞ্চলত ঘাটি পাতি বাইক চোৰৰ গেঙে চলাইছে বাইক চুৰিৰ নেটৱৰ্ক।

হাজোৰ তাপাবৰী আৰু ১ নং দোকনীয়াৰ পৰা হাজো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে AS-15-B-9640 নম্বৰৰ এখন পালচাৰ বাইক আৰু এখন নম্বৰ প্লেট বিহীন স্কুটি।

লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দিলোৱাৰ হুছেইন আৰু ৰফিকুল ইছলাম নামৰ দুই চোৰক।

এই চোৰ দুটাই এই দুয়োখন চুৰি দুচকীয়া বাহন বিক্ৰীৰ বাবে য জা চলাওতেই আটক আৰক্ষীয়ে হাতে লোটে আটক কৰিবলৈ সক্ষম হৈছে।

চোৰ ডকাইত অপৰাধীৰ চৰণীয়া পথাৰত পৰিণত হোৱা হাজোত এতিয়া যেন সাধাৰণ লোকৰ জীৱন- সম্পত্তিৰ নাই কোনো নিৰাপত্তা। বৰ্তমানলৈ বাহন দুখনৰ গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।