NORTHEAST NOW (Assamese)
অসম

কলাক্ষেত্রত সাঁচিপতীয়া পাণ্ডুলিপি প্রস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন শীৰ্ষক কৰ্মশালাৰ আয়োজন

Posted by: এন ই নাও নিউজ June 16, 2018 12:19 pm
Society for Srimanta Sankaradeva (16.06.2018

মহাপুৰুষ  শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্রচাৰ আৰু প্রসাৰত ব্রতী আন্তৰ্জাতিক সংগঠন ছ’চাইটি ফৰ শ্রীমন্ত শংকৰদেৱৰ উদ্যোগত আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সহযোগত অহা ২জুলাইৰ পৰা ৬জুলাই লৈ কলাক্ষেত্র প্রাঙ্গণত “সাঁচিপতীয়া পাণ্ডুলিপি প্রস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন” শীৰ্ষক এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে।

এই কৰ্মশালাত সাঁচিপতীয়া পুথি, হেঙুল-হাইতাল আদি পৰম্পৰাগত ৰং আৰু মহীৰ প্রস্তুত প্রণালীৰ বিষয়ে প্রশিক্ষণ প্রদান কৰাৰ লগতে শঙ্কৰী শৈলীতে পুথিচিত্র অঙ্কনৰ ওপৰতো বিশেষ প্রশিক্ষণ প্রদান কৰা হ’ব।

উল্লেখযোগ্য যে ছ’চাইটি ফৰ শ্রীমন্ত শংকৰদেৱে ২০১৩ বৰ্ষৰ পৰাই প্রতি বছৰে অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ জৰিয়তে অসমৰ পুথিচিত্র  চৰ্চাৰ ক্ষেত্রখনত এক নতুন অধ্যায় সংযোজিত হৈছে। পাঁচদিনীয়া এই কৰ্মশালাত প্রশিক্ষণ প্রদান কৰিব অসমৰ খ্যাতিমান পুথিচিত্র শিল্পী মৃদু মৌচম বৰাই।

ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালাত অংশ গ্রহণ কৰিব বিচৰা প্রশিক্ষাৰ্থী সকলক ২৫ জুনৰ ভিতৰত ৯৪০১৩৮৩৫১৭ অথবা ৭০০২৭২৮৬৭৪ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোগক্তা সমিতিয়ে আহ্বান জনাইছে।