NORTHEAST NOW (Assamese)
অসম

ছেপ্টেম্বৰৰ প্রথম ভাগত পঞ্চায়ত নির্বাচন: শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কঠোৰ হ’ব আয়োগ

Posted by: এন ই নাও নিউজ June 16, 2018 12:27 pm
ATTACHMENT

বহু হোঁহকা-পিছলাৰ অন্তত সমাগত ছেপ্টেম্বৰৰ প্রথম ভাগত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি আগষ্টত পঞ্চায়ত নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ’ব।

উল্লেখযোগ্য যে পূৰ্বে ১৫ ছেপ্টেম্বৰৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগক গুৱাহাটী উচচ ন্যায়ালয়ে নির্দেশ দিছিল৷ ন্যায়ালয়ৰ সেই নির্দেশৰ ভিত্তিত ছেপ্টেম্বৰৰ প্রথম ভাগত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব বুলি নির্বাচন আয়োগে প্ৰকাশ কৰিছে৷

ইতিমধ্যে ইয়াৰ বাবে প্রয়োজনীয় পুঁজি মুকলি কৰি দিয়াৰ কথাও জানিব পৰা গৈছে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা যিহেতু ৩০ জুনত প্রকাশ হ’ব, সেয়ে উচচ ন্যায়ালয়ে ছেপ্টেম্বৰত নির্বাচন অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছিল৷

অৱশ্যে এইক্ষেত্ৰত জিলা উপায়ুক্তসকলে বিশেষ সঁহাৰি দিয়া নাই বুলি চৰকাৰী সূত্ৰত প্ৰকাশ৷ গুৰুত্বপূর্ণ কথা এয়ে যে এইবাৰৰ পঞ্চায়ত নির্বাচনটো পূর্বৰ নির্বাচনতকৈ ব্যাতিক্রম হ’ব৷

কাৰণ পূর্বৰ কোনো এটা নির্বাচনত প্রযোজ্য নোহোৱা কঠোৰ চৰ্তাৱলী এইবাৰ পঞ্চায়ত নির্বাচনত প্রযোজ্য হ’ব৷ পঞ্চায়ত সন্দর্ভত ৰাজ্য চৰকাৰে বিধানসভাত গৃহীত কৰা কঠোৰ আইন অনুসৰি দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷ সেইদৰে শিক্ষাগত অর্হতাৰ ক্ষেত্রতো সংশোধনী আইনত কেইবাটাও নতুন চর্ত আৰোপ কৰিছে৷ সেইমর্মে জিলা পৰিষদৰ সদস্যৰ ক্ষেত্রত সাধাৰণ জাতিৰ প্রার্থীৰ বাবে শিক্ষাগত অর্হতা কমেও উচচতৰ মাধ্যমিক উত্তীর্ণ হ’ব লাগিব৷

অৱশ্যে অন্য শ্রেণীৰ প্রার্থীৰ ক্ষেত্রত শিক্ষাগত অর্হতা কিছু লাঘৱ হ’ব৷ সেইদৰে আঞ্চলিক পঞ্চায়তৰ সভাপতি পদৰ প্রার্থীৰ শিক্ষাগত অর্হতা ন্যূনতম দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে গাঁও পঞ্চায়ত সদস্যৰ ক্ষেত্রত শিক্ষাগত অর্হতা ন্যৃনতম ষষ্ঠ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ পূর্বৰ নির্বাচন সমূহত শিক্ষাগত অর্হতা সন্দর্ভত এনে কঠোৰ চর্ত আৰোপ নকৰাত একাংশ অশিক্ষিত প্রার্থীও পঞ্চায়ত প্রতিনিধি হ’বলৈ সক্ষম হৈছিল৷

এইবাৰ ৰাজ্য চৰকাৰে পঞ্চায়ত আইন সংশোধন কৰি কেতবোৰ কঠোৰ চর্ত আৰোপ কৰাত আশা কৰি থকা বহু সম্ভাৱ্য প্রার্থীৰ আশাত চেঁচা পানী পৰিল৷ আনহাতে, ঘৰত বিজ্ঞানসন্মত শৌচাগাৰ নথকা ব্যক্তিৰ ক্ষেত্রতো পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাত বাধা আহিব বুলি প্ৰকাশ৷