NORTHEAST NOW (Assamese)
অসম

কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন কৰ’নাত আক্ৰান্ত; টুইটাৰত নিজেই জনালে এই কথা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 8:42 pm
images

কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন কৰ’নাত আক্ৰান্ত হৈছে। আজি তেওঁৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

টুইটাৰযোগে নিজেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে।

উল্লেখ্য যে, যোৱা ৩ মাৰ্চত তেওঁ কোভিড ভেকচিনৰ প্ৰথম ড’জটো লৈছিল ।

‘’মই কোভিড পজিটিভ বুলি নিশ্চিত হৈছো। কোঝিকোডেৰ চৰকাৰী হাস্পাতলত চিকিৎসা গ্ৰহণ কৰিম,’’-তেওঁ টুইটত কয়।

বৰ্তমান কান্নুৰত থকা মুখ্যমন্ত্ৰী বিজয়নে শেহতীয়াভাৱে তেওঁৰ সান্নিধ্যলৈ অহা সকলোকে ‘স্বেচ্ছাই-পৰ্যবেক্ষণ’’ত যাবলৈ অনুৰোধ কৰিছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰসমূহে জানিবলৈ দিয়া মতে তেওঁৰৰ কোনো লক্ষণ দেখা দিয়া নাছিল।

মুখ্যমন্ত্ৰীগৰাকীৰ কন্যা বীণা বিজয়ন আৰু জোৱায়েক পি এ মহম্মদ ৰিয়াজৰ ইয়াৰ পূৰ্বে কোভিড পজিটিভ ধৰা পৰিছিল।

বিধানসভাৰ নিৰ্বাচনত কান্নুৰৰ ধৰমাদমৰ পৰা চিপিআইএমৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজয়নে ৰাজ্যখনৰ ৬ এপ্ৰিলৰ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল।