NORTHEAST NOW (Assamese)

কলিয়াবৰত চোৰাংভাৱে সৰবৰাহ কৰা চেগুণ কাঠ জব্দ

June 27, 2018 8:51 pm · ৰিদিপ শর্মা
Updated: June 30, 2018 4:23 pm

ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী যাত্ৰীবাহী বাছৰ পৰা আজি কলিয়াবৰত জব্দ কৰা হয় বুজন পৰিমাণৰ চেগুণ কাঠ। জানিব পৰা মতে কাঠখিনি ডিমাপুৰৰ পৰা মৈৰাবাৰীলৈ নিয়াৰ পৰিকল্পনা আছিল।

যাত্ৰীবাহী বাছখনৰ তলৰ ফালে ডিক্কিত ভৰাই চোৰাং ব্যৱসায়ীয়ে ত্ৰিশ চেপতিৰো অধিক চেগুণ কাঠ সৰবৰাহৰ চেষ্টা চলাইছিল।

গোপন খবৰৰ পম খেদি শিলঘাট বনবিভাগে কলিয়াবৰৰ তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চোৰাং কাঠসহ AS 01 BC 7637 নম্বৰৰ যাত্ৰীবাহী বাছখন জব্দ কৰে।

আনহাতে, জব্দকৃত চোৰাং কাঠ কঢ়িয়াই অনা যাত্ৰীবাহী বাছখন শিলঘাট খণ্ড বনবিষয়াৰ কাৰ্য্যালয়লৈ লৈ যোৱা হয়। বনবিভাগে বাছখনৰ চালক-হেণ্ডিমেনৰ লগতে দুজন কৰ্মচাৰীৰ সৈতে চোৰাং কাঠখিনিৰ গৰাকী ফইজুল হক নামৰ ধিঙৰ এজন লোকক আটক কৰিছে।

ধৃত ফইজুল হক নামৰ চোৰাং ব্যৱসায়ীজনে দীৰ্ঘদিনৰে পৰা এনেদৰে যাত্ৰীবাহী বাছৰ যোগেদি ডিমাপুৰৰ পৰা ধিঙলৈ কাঠ সৰবৰাহ কৰি আহিছিল।

সম্প্ৰতি শিলঘাট খণ্ড বনবিষয়াৰ কাৰ্য্যালয়ত আটকাধীন লোককেইজনক বনবিভাগৰ বিষয়াই জেৰা অব্যাহত ৰাখিছে।

Related News