NORTHEAST NOW (Assamese)

কলিয়াবৰত শোকাবহ পথ দুৰ্ঘটনা : আহত ৫ জন

January 21, 2018 10:59 am · এন ই নাও নিউজ
Updated: January 21, 2018 11:01 am
দুর্ঘটনাগ্রস্ত বাহনখন

পৰশুৰাম কুণ্ডৰ পৰা নগাঁৱৰ পুৰণিগুদাম অভিমুখে আহি থকা অৱস্থাতে কলিয়াবৰৰ চতিয়ালত এখন স্কৰপিঅ’ বাহন দুৰ্ঘটনা গ্ৰস্ত হয়।

জানিব পৰা মতে পুৰণিগুডামৰ পৰা পৰশুৰাম কুণ্ডলৈ দলটো বনভোজ খাবৰ বাবে গৈছিল। কিন্তু ঘুৰি অহাৰ পথতে বাহনখন দুৰ্ঘটনাত পতিত  হয়।  AS 12F 2626 নম্বৰৰ স্ক’ৰপিঅ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত বাগৰি পৰে।

পুৱতি নিশা প্ৰায় ৪:০০ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি কলিয়াবৰ থানাৰ আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে। আনহাতে এই দুৰ্ঘটনাটোত ৫ জন লোক গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজনকে স্থানীয় ৰাইজৰ তৎপৰতাত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

কিন্তু চিকিৎসকে আহত ৫ জন লোকৰ আঘাত  গুৰুতৰ হোৱা বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আহত হোৱা লোক কেইজনৰ পৰিচয় জানিব পৰা নাই।

দুৰ্ঘটনাটো সংঘটিতহোৱাৰ প্ৰায় ২০ মিনিট পিছত কলিয়াবৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰি থানালৈ অনাৰ ব্যবস্থা কৰে।

Related News