NORTHEAST NOW (Assamese)

কলিয়াবৰৰ চতিয়ালত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন থিতাতে নিহত, আন দুজন গুৰুতৰভাৱে আহত

March 28, 2018 12:12 am · ৰিদীপ শৰ্মা
Updated: March 29, 2018 6:57 pm
দুৰ্ঘটনাত পতিত অল্ট' কাৰখন।

নগাওঁ জিলাৰ কলিয়াবৰৰ চতিয়ালত আজি ৰাতি প্ৰায় ১১.৩০ বজাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মটৰচাইকেল আৰু অল্ট’ কাৰৰ মাজত হোৱা এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়োখন বাহন সম্পূৰ্ণকৈ বিধস্ত হয়।

দুৰ্ঘটনাত ভাগি চূৰমাৰ হোৱা বাইকখন।

জানিব পৰামতে গাড়ী দুখন বিপৰীত দিশত তীব্ৰ বেগেৰে আহি আছিল। মুখামুখি সংঘৰ্ষৰ ফলত বাইকৰ আৰোহীজন থিতাতে নিহয় হয়। আন দুজন খুব বেয়াকৈ আহত হৈছে। আহত দুয়োজনৰ অৱস্থা সংকটজনক বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে।

মটৰচাইকেলখন নম্বৰপ্লেইট বিহীন বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। নিহতজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

এই মুখামুখি সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত মটৰচাইখেলখনৰ আগ অংশটো ভাগি মূল অংশৰ পৰা বিচ্ছিন্ন হৈ যায়। লগতে অল্ট’খনৰো আগ অংশটো ভাগি প্ৰায় চূৰমাৰ হৈ যায়।

 

ঘটনাটোৰ শেহতীয়া খবৰ : কলিয়াবৰৰ চতিয়ালৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু মাৰুতী অল্ট’ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ঘটনাটোত থিতাতে এজন নিহত হোৱাৰ লগতে ৪ জন আহত হয়। আহতকেইজনক ততাতয়াকৈ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে চাৰিওজনকে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয়। নিহত লোকজনক এই পৰ্য্যন্ত চিনাক্ত কৰিব পৰা নাই। বাইকখনৰ আৰোহী আন এজন আহত ব্যক্তিকো চিনাক্ত কৰিব পৰা হোৱা নাই।

দুৰ্ঘটনা সংঘটিত হোৱা বাইকখন পোনতে নম্বৰপ্লেইট বিহীন বুলি ভবা হৈছিল যদিও সেই তথ্য ভুল আছিল। বাইকখনৰ নম্বৰ হৈছে AS-02N 8349 আৰু অল্ট’ ৮০০ গাড়ীখনৰ নম্বৰ AS 01 – BK 7597

গাড়ীখনৰ আহত যাত্ৰীকেইজন হ’ল ক্ৰমে– অমৃত কুমাৰ ঘোষ (৪৫), কৌস্তুভ বৰা (৪৮) আৰু দ্বীপজ্যোতি নাথ (৩৮)। তিনিওজনৰে ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে ।

Related News