NORTHEAST NOW (Assamese)

কলিয়াবৰৰ শিৱস্থানত লোমহৰ্ষক হত্যাকাণ্ডঃ চোকা অস্ত্ৰৰে আক্ৰমণ কৰি দুজনক হত্যা

January 14, 2018 1:43 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।

প্ৰাপ্ত বাতৰি অনুসৰি জিতু শইকীয়া নামৰ এজন যুৱকে আজি পূৱা ৭:00 মান বজাত শিৱস্থানৰ অনন্ত বৰা আৰু হীৰামনি  বৰা নামৰ মহিলাগৰাকীৰ সৈতে তীব্ৰ বাক্ বিতণ্ডাত লিপ্ত হয়। তাৰ পিছতে জিতু শইকীয়াই হীৰামনি বৰা আৰু তেওঁৰ পুত্ৰ অনন্ত বৰাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

আক্ৰমণৰ ফলত হীৰামনি বৰা নামৰ মহিলা গৰাকী থিতাতে নিহত হয়। আহত অনন্ত বৰাক স্থানীয় ৰাইজে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে অনন্তক মৃত বুলি ঘোষণা কৰে।

নিহত হীৰামনি বৰা নামৰ মহিলাগৰাকীৰ বয়স প্ৰায় ৫৫ বছৰ হ’ব। আনহাতে আনগৰাকী নিহত অনন্ত বৰাৰ বয়স হ’ব প্ৰায় ২৭ বছৰ। অনন্ত বৰা সম্পৰ্কত হীৰামনি বৰাৰ পুত্ৰ।

হত্যাকাৰী জিতু শইকীয়া বৰ্তমান পলাতক হৈ আছে। উলুৱনী আৰক্ষীয়ে হত্যাকাৰী জিতু শইকীয়াৰ সন্ধান চলাই আছে যদিও বৰ্তমান সময়লৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

হত্যাকাৰী জিতু শইকীয়া অঞ্চলটোত এটা চোৰ হিচাপে পৰিচিত। শিৱস্থানৰ জিতু শইকীয়াৰ ঘৰৰ চুবুৰীয়া আছিল নিহত হীৰামনি বৰা আৰু অনন্ত বৰা।

শেহতীয়া বাতৰি মতে অঞ্চলটোৰ উত্তেজিত ৰাইজে হত্যাকাৰী জিতু শিকীয়াৰ ঘৰটো ভাঙি-ছিগি লণ্ডভণ্ড কৰে।

Related News