NORTHEAST NOW (Assamese)

কল্পনা পাটোৱাৰীৰ বিহুৰ উপহাৰ : ‘হৃদয় বীণাৰ তাঁৰ ছিঙি গ’ল বহুবাৰ’ শীৰ্ষক গীতৰ এলবাম মুকলি গুৱাহাটী প্ৰে’ছ ক্লাবত

March 29, 2018 9:09 pm · কল্পজ্যোতি শইকীয়া
Updated: March 29, 2018 9:14 pm

ব’হাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যবাসীলৈ আজি ২৯ মাৰ্চত ‘হৃদয় বীণাৰ তাঁৰ ছিঙি গ’ল বহুবাৰ’ শীৰ্ষক এটা আধুনিক গীতৰ সংকলন আগবঢ়াইছে কল্পনা পাটোৱাৰীয়ে। গুৱাহাটী প্ৰে’ছ ক্লাবত আজি এই এলবামটো ৰাইজলৈ মুকলি কৰি দিয়ে।

গীতিকাৰ ড০ লক্ষ্যহীৰা দাস, ড০ নিৰ্মলপ্ৰভা বৰদলৈ, ড০ লীলা গগৈ, ড০ দীনেশ বৈশ্য, মানিক দাস আৰু অপূৰ্ব বেজবৰুৱাৰ কথাৰে দ্বীপেন ৰয়ে সুৰেৰে সজাই তুলিছে সংকলনটোৰ গীতকেইটা।

গায়িকা কল্পনা পাটোৱাৰীয়ে এলবামটোত ‘গীতিকাৰসকলৰ তত্বগধূৰ ভাষাসম্পন্ন কথাৰ গীতসমূহক ভাৰতীয় ফিউজনৰদ্বাৰা এক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছো’ বুলি জনায়।

এলবামটিৰ উন্মোচক হিচাপে উপস্থিত থকা ড০ লক্ষ্যহীৰা দাসে কয় ‘কল্পনা পাটোৱাৰীৰ অনুৰোধক্ৰমে তেওঁক আশীৰ্বাদ দিবৰ বাবে এই অনুষ্ঠানত উপস্থিত হৈছোহি। এই এলবামটোৰ যোগেদি তেওঁৰ যাত্ৰা আৰু অধিক জয়জয়-ময়ময় হোৱাৰ লগতে অসমৰ সংগীতৰ ভঁড়ালটো অধিক চহকী হ’ব বুলি আশা কৰিছো।‘

পাটোৱাৰীৰ গীতৰ নিৰ্বাচন সঠিক বুলি উল্লেখ কৰি তেওঁ কয় ‘কথা আৰু সুৰকাৰৰ সৃষ্টি আৰু গায়ক-গায়িকাৰ পৰিৱেশনৰ সমন্বয়েৰে এটা ভাল গীত হ’ব পাৰে। সেইদিশৰ পৰা পৰ্য্যৱেক্ষণ কৰিলে মই ভাবোঁ কল্পনাই সন্নিবিষ্ট কৰা গীতকেইটা গীতিসাহিত্যৰ ফালৰ পৰা যথেষ্ট বৈশিষ্ট্যপূৰ্ণ তথা সু-সুৰাৰোপিত।‘

অনুষ্ঠানতে উপস্থিত থকা শিক্ষাবিদ তথা গীতিকাৰ ড০ দীনেশ বৈশ্যই কয় ‘সকলো পুৰুষৰ সফলতাৰ আঁৰত যিদৰে এগৰাকী নাৰীৰ অৱদান থাকে, ঠিক তেনেকৈ এগৰাকী নাৰীৰো সফলতাৰ আঁৰত পুৰুষৰ অৱদান জৰিত হৈ থাকে। তাৰেই এক উদাহৰণ কল্পনা পাটোৱাৰীৰ স্বামী পাৰভেজ খান। কল্পনা পাটোৱাৰীয়ে যিখিনি সফলতা অৰ্জন কৰিছে তাৰ অন্তৰালত পাৰভেজৰ অৱদান জৰিত হৈ আছে। পাৰভেজ মুছলমান হোৱাৰ বিপৰীতে কল্পনা এগৰাকী হিন্দু নাৰী, তথাপিও দুয়োজন বিবাহপাশত আবদ্ধ হৈ অতি সুখ-সমৃদ্ধিৰে জীৱন অতিবাহিত কৰি আছে।‘

‘ভোজপুৰী কুইন’ৰূপে জনাজাত বিহাৰৰ ভোজপুৰী সংগীত জগতৰ বিখ্যাত গায়িকা কল্পনাৰ সম্পৰ্কে ‘সংগীতৰ মাধ্যমেৰে কল্পনাই এক আন্দোলন গঢ় দি আছে। সেই আন্দোলন হৈছে অধিকাৰৰ আন্দোলন। বৰ্তমান প্ৰেক্ষাপটত দলিত, সংখ্যালঘুসকলৰ অধিকাৰক লৈ এক বৃহৎ সংগ্ৰাম চলি আছে। বিহাৰৰ দৰে অতি দুৰ্ধৰ্ষ ৰাজ্যত কল্পনাই এক ভয়ংকৰ কাম কৰিছে‘ বুলি মত প্ৰকাশ কৰে।

লতা মঙ্গেশকৰৰ মেৰে প্যাৰে ৱটন কি ল’গ শীৰ্ষক গীতটিৰ উন্মোচনী অনুষ্ঠানত গীতিকাৰজনক আমন্ত্ৰণ নজনোৱাৰ কথা উল্লেখ কৰি বৈশ্যই ‘ভাৰতত গীতিকাৰসকলক অৱহেলাৰ দৃষ্টিৰে চোৱা হয়’ বুলি মন্তব্য কৰি কল্পনা পাটোৱাৰীয়ে গীতিকাৰসকলক এই উন্মোচনী অনুষ্ঠানত আমন্ত্ৰণ জনাই এক ব্যতিক্ৰমী তথা প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে বুলি গায়িকাগৰাকীৰ শলাগ লয়।

আছাম টকছৰ মুখ্য সম্পাদক অনুপম চক্ৰবৰ্তীয়ে সঞ্চালনা কৰা এই উন্মোচনী সভাত গীতিকাৰ-সুৰকাৰ অপূৰ্ব বেজবৰুৱা, বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ মাণিক দাস, সংগীত পৰিচালক তথা গীতিকাৰ কুল বৰুৱাও উপস্থিত আছিল।

Related News