NORTHEAST NOW (Assamese)

কাইলৈৰ পৰা গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজৰ বাৰ্ষিক সাহিত্য-সাংস্কৃতিক উৎসৱ ‘ভাওমালান’

February 14, 2018 7:04 pm · এন ই নাও নিউজ

গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজে কাইলৈৰ পৰা ১৮ ফেব্ৰুৱাৰিলৈকে ইয়াৰ বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য উৎসৱ ‘ভাওমালান ২০১৮’ আয়োজন কৰিছে।

সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানটোৰ বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব।

শিক্ষানুষ্ঠানটোৱে জনোৱা মতে দুদল আৰ্ট, তৰ্ক, কবিতা, মুখচিত্ৰ, ৰচনা, গল্প, চিনে’মা,

কুইজ, অনুশীলনমূলক সংবাদ মেল আদি বিভিন্ন প্ৰতিযোগিতা এই উৎসৱত অনুষ্ঠিত হ’ব।

অনুষ্ঠানটোত সামাজিক উদ্যমিতাৰ গুৰুত্ব সম্পৰ্কে ভাষণ আগবঢ়াব উত্তৰ-পূৰ্বাঞ্চলত নতুন ব্যৱসায়ক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ন-ব্যৱসায় Ne8xৰ মুখ্য কাৰ্য্যবাহী তথা পৰিচালন সঞ্চালক ৰয় ৰিদ্ধিনিল আৰু উপহাৰ অৰ্থনীতি নিৰ্ভৰ সামাজিক কেফে পে’ ফ্ৰম হাৰ্টৰ প্ৰতিষ্ঠাপক আকাশ দাসে।

ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতাক উৎসাহিত কৰাৰ বাবে প্ৰতি বছৰে এই অনুষ্ঠান আয়োজন কৰা হৈ আহিছে।

Related News