NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈৰ পৰা ডিফুৰ তাৰালাংচ’ত আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ

Posted by: নংগি তেৰাং February 14, 2018 11:18 pm
karbi

কাইলৈৰপৰা আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ। আয়োজক কাৰ্বি কালচাৰেল ছ’চাইটিয়ে জনোৱা মতে এই মহোৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জনজাতীয় মহোৎসৱ।

এইবাৰৰ ৪৪ সংখ্যক মহোৎসৱৰ বাবে ইতিমধ্যেই মহোৎসৱথলী ডিফুৰ তাৰালাংচ’ৰ কাৰ্বি ৰাজহুৱা প্ৰেক্ষাগৃ্হ চৌহদত বিভিন্ন শিৱিৰ আৰু মঞ্চসমূহ সাজু কৰি তোলা হৈছে।

কাইলৈৰ আৰম্ভণি দিনা মহোৎসৱত কাৰ্বি ৰজা ৰামছিং ৰংহাং উপস্থিত থাকিব।

থাইলেণ্ডৰ পৰা অহা শিল্পীৰ দলে ১৮ ফেব্ৰুৱাৰিত মহোৎসৱত নৃত্য পৰিৱেশন কৰিব। ১৯ ফেব্ৰুৱাৰিত এখন ফেশ্বন শ্ব’ৰ আয়োজন কৰা হৈছে।

১৯ ফেব্ৰুৱাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতিথি হিচাপে এই মহোৎসৱত ভাগ ল’ব।

আয়োজকে এইবাৰৰ মহোৎসৱত প্ৰায় ১ নিযুত লোকে অংশগ্রহণ কৰিব বুলি আশা কৰি আছে।

কাৰ্বি লোকসংস্কৃতি প্ৰদৰ্শনৰ অন্যতম মঞ্চ হিচাপে পৰিচিত মহোৎসৱত ৰাজ্যখনৰ আন বহু জনগোষ্ঠীয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৭৪ চনত কেইজনমান উদ্যমী কাৰ্বি যুৱকৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল।

তাৰ পাছত ১৯৭৭ চনৰ ৩০ জানুৱাৰীত কাৰ্বি কালচাৰেল ছ’চাইটিৰ জৰিয়তে মহোৎসৱখনে এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হয়।