NORTHEAST NOW (Assamese)
অসম

কাইলৈৰ পৰা তিনিদিন সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিলে ডি ৱাই 365 নামৰ চেনেলটোক

Posted by: এন ই নাও নিউজ December 14, 2017 5:21 pm

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে এক নিৰ্দেশনা যোগে অসমৰ বাতৰি চেনেল ডি ৱাই 365 ক কাইলৈৰ পৰা ধৰি একেৰাহে তিনি দিন সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। চেনেলটোৱে যোৱা বছৰৰ জুন মাহত এটা আপত্তিকৰ দৃশ্য সম্প্ৰচাৰ কৰা বাবে এই শাস্তি আৰোপ কৰা বুলি জানিব পৰা গৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সূত্ৰটোৱে কোৱা মতে উক্ত দৃশ্যটোৱে কেবল টেলিভিশ্যন নেটৱৰ্কৰ নীতি ভংগ কৰিছে। জানিব পৰা মতে দৃশ্যটো আছিল এটা অন্ধ বিশ্বাসমূলক পৰম্পৰা ভিত্তিক অনুষ্ঠানত এজন লোকে এটি শিশুক ওপৰলৈ দলিয়াই পুনৰ ওপৰতে ধৰাৰ এটা পুনঃপৌনিক ক্ৰিয়া, যিটোৰ শিশুটোৰ জীৱনৰ শংকাৰ প্ৰতি আছিল চৰম দায়িত্বহীনতাৰ নিদৰ্শন। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে এইটো সম্প্ৰচাৰ কৰা বাবে চেনেলটোলৈ জাননী জাৰি কৰিছিল। কিন্তু চেনেলটোৱে দাবী কৰিছিল যে তেওঁলোকে অসম এতিয়াও বৃহৎ পৰিসৰত অন্ধবিশ্বাস তথা তন্ত্ৰ-মন্ত্ৰৰ প্ৰচলন থকাটো অৱগত কৰিবলৈহে দৃশ্যটো প্ৰচাৰ কৰিছিল। অৱশ্যে তেওঁলোকৰ এই যুক্তিত পতিয়ন নগ’ল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়। কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৱে চেনেলটোক অহা ১৫-১২-২০১৭ ৰ ০০০১ বজাৰ পৰা ১৮-১২-২০১৭ ৰ ০০০১ বজালৈ সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে  ইয়াৰ পূৰ্বেও ২০১৬ চনত আন এটা অসমীয়া বাতৰি চেনেল প্ৰতিদিন টাইমক সম্প্ৰচাৰ বিধি উলংঘনৰ বাবে সাময়িকভাৱে সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল। সেইবাৰ প্ৰতিদিন টাইমৰ বিৰুদ্ধে এগৰাকী নাবালিকাৰ ক্ষতবিক্ষত মৃতদেহৰ দৃশ্য সম্প্ৰচাৰ কৰাৰ লগতে তেওঁৰ পৰিচয় ৰাজহুৱা কৰিছিল। তাৰ পূৰ্বেও প্ৰতিদিন টাইম আৰু ডি ৱাইক ২০১৪ চনৰ ৩০ জুলাইতো সাময়িকভাৱে সম্প্ৰচাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছিল। উল্লেখ কৰা প্ৰয়োজন, ডি ৱাই ৩৬৫ নামৰ চেনেলটো ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকশ্যন প্ৰাইভেট লিমিটেডৰ অধীনত গুৱাহাটীৰ পৰা সম্প্ৰচাৰ কৰা হয়। ইয়াৰ মুখ্য সম্পাদকৰ পদত আছে বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামী।