NORTHEAST NOW (Assamese)
অসম

যোৰহাটত চিকিৎসকৰ ভুলৰ বাবে এজন ৰোগীৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ December 14, 2017 5:01 pm

যোৰহাটৰ চিটি অৰ্থ’পেডিক হস্পিতেল এণ্ড ৰিচাৰ্জ চেন্টাৰৰ চিকিৎসকৰ ভুলৰ বাবে আজি এজন ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। মৃত্যু হোৱা লোকজন গোলাঘাটৰ দিলীপ বৰুৱা বুলি জানিব পৰা গৈছে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ৰোগীজনক অস্ত্ৰোপচাৰৰ সময়ত প্ৰয়োগ কৰা এনেছথিযিয়া ভুল আছিল। ৰোগীজনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ডা: ভাস্কৰ ভাগৱতীৰ তত্বাৱধানত।

লক্ষ্যণীয় যে মৃত বৰুৱা তিনি দিন পূৰ্বতে এক দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাত তেওঁ যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল আৰু বুধবাৰে উক্ত হস্পিতেলত অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।

বৰুৱাৰ কৰুণ মৃত্যুৰ ঘটনাত হস্পিতেল খনত এক শোকাকুল তথা উত্তপ্ত পৰিস্থিতিৰ সৃস্থি হৈছিল। ঘটনাস্থলীত লগে লগে আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণত আনিবলৈ স৭ম হয়। এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছতে ভুক্তভোগী পৰিয়ালৰ লোকে ব্যক্তিগত চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে চিকিৎসালয়খনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।