কাইলৈৰ পৰা শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা
বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো নীলাচলৰ শক্তিপীঠ কামাখ্যাধামত কাইলৈৰ পৰা আৰম্ভ হ’ব মহা অম্বুবাচী মেলাৰ।সেই উপলক্ষে আজি শুভাৰম্ভ হ’ব এই মেলাৰ।
আজি মহানগৰীৰ সোণাৰাম খেলপথাৰত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মহা অম্বুবাচী মেলাৰ।এই উপলক্ষে তেওঁৰ লগত পৰ্যটন মন্ত্ৰী চন্দন ব্ৰক্ষ্ম, অসম পৰ্যটন নিগমৰ অক্ষ্যক্ষ জয়ন্তমল্ল বৰুৱা আদি উপস্থিত থাকিব।
উল্লেখযোগ্য যে অম্বুবাচীলৈ অহা ভক্তৰ বাবে এইবাৰ ৫টা শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। নাহৰবাৰী, বৰিপাৰা, কামাখ্যা ষ্টেচন, ফাঁচী বজাৰ আৰু পাণ্ডুত ভক্তৰ বাবে স্থাপন কৰা হৈছে এই শিবিৰ সমূহ।
আনহাতে মন্দিৰলৈ যোৱাৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰিছে ৰাজ্যিক পৰিবহণ বিভাগে। অম্বুবাচীত নিৰাপত্তাৰ দিশটোতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে প্ৰশাসনে। চাফ-চিকুণতা আৰু পোহৰৰ দায়িত্বত থাকিব গুৱাহাটী পৌৰ নিগম। শিশুৰ বাবে কামাখ্যাৰ প্ৰৱেশদ্বাৰ, কামাখ্যা হিল টপত থাকিব বিশেষ শিবিৰ। কামাখ্যা ষ্টেশ্যন আৰু পাণ্ডুতো থাকিব বিশেষ শিবিৰৰ ব্যৱস্থা। আনহাতে নিশা ১২ বজাৰ পিছত মন্দিৰ চৌহদত প্ৰশাসনে বন্ধ কৰিব ভক্তৰ প্ৰৱেশ।
আনহাতে দিব্যাংগ, বয়োজ্যেষ্ঠৰ বাবে পৰিবহণৰ ব্যৱস্থা কৰিব প্ৰশাসনে। উল্লেখযোগ্য যে সুৰক্ষাৰ দিশটো কটকটীয়া কৰাৰ বাবে ১৪ টা বিভাগত ভাগ কৰা হৈছে কামাখ্যা মন্দিৰৰ সুৰক্ষাৰ দিশটো। মূল ৬টা বিভাগৰ দায়িত্ব থাকিব আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া। মন্দিৰ চৌহদত অসামৰিক পোছাকতো থাকিব আৰক্ষীৰ দল। কোনো বয়-বস্তু যাতে নেহেৰায় তাৰ ওপৰত চকু ৰখিব বিশেষ বাহিনীয়ে। আনহাতে মন্দিৰলৈ গাড়ী নিবলৈ অনুৰোধ কৰিব নোৱাৰিব কোনো VIP লোকে। লগতে মন্দিৰতে থাকিব মহানগৰ আৰক্ষীৰ মূল নিয়ন্ত্ৰণ শাখা।
প্ৰত্যেক বছৰে প্ৰায় লক্ষাধিক লোকৰ সমাগত ঘটা মহা অম্বুবাচী মেলা সফলভাৱে পৰিচালনা কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সহায় কামনা কৰিছে কৰ্তৃপক্ষই।