NORTHEAST NOW (Assamese)

কাইলৈৰ পৰা ৯ মে’লৈ গুৱাহাটী মহানগৰীত বন্ধ থাকিব অ’লা- উবেৰৰ চলাচল

May 6, 2018 12:25 pm · এন ই নাও নিউজ

বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম কেব অপাৰেটৰ সন্থাই জনোৱা ৭২ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বানৰ ফলত কাইলৈ ৭ মে’ৰ পৰা ৯ মে’লৈ মহানগৰীত বন্ধ থাকিব অ’লা- উবেৰৰ চলাচল।

দীৰ্ঘদিন ধৰি অ’লা আৰু উবেৰ কৰ্তৃপক্ষক সদৌ অসম কেব অপাৰেটৰ সন্থাই কেব চালকসকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে দাবী জনাই আহিছিল। কিন্তু অ’লা আৰু উবেৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবী সমূহ গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰি কাইলৈৰ পৰা তিনিদিনীয়া বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে অহা কাইলৈৰ পৰা অ’লা- উবেৰ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীয়ে চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱাটো নিশ্চিত।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দৈনিক ৮ ঘণ্টা কামৰ বিনিময়ত অ’লা- উবেৰ সন্থাই প্ৰতিদিনে সকলো খৰচৰ অন্তত মালিক-চালকক ন্যূনতম ২,৫০০ টকাকৈ আদায় দিয়া সন্দৰ্ভত সন্থাই চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। লগতে গুৱাহাটীৰ ঠেক বাট-পথ আৰু অভাৱনীয় হাৰত বৃদ্ধি পোৱা গাড়ীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেব প্ৰতিষ্ঠানসমূহত নতুনকৈ বাহন পঞ্জীয়নত চৰকাৰৰ পোনপটীয়া হস্তক্ষেপ বিচাৰে সন্থাই।

আনহাতে সদৌ অসম কেব অপাৰেটৰ সন্থাৰ সাধাৰণ সম্পাদক ইছমাইল আলীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে অলা আৰু উবেৰ কৰ্তৃপক্ষৰ স্বৈৰাচাৰিতাৰ কাৰণে প্ৰথমবাৰৰ বাবে সন্থাই কেব সেৱা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে।

 

 

Related News