NORTHEAST NOW (Assamese)
অসম

কাইলৈ উত্তৰ গুৱাহাটীত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ স্মৃতিচাৰণ অনুষ্ঠান

Posted by: এন ই নাও নিউজ March 24, 2018 2:31 pm
Padmasri Nalinibala Devi

সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাতা, পদ্মশ্ৰী নলিনীবালা দেৱীৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২৫ মাৰ্চ অৰ্থাৎ কাইলৈ গুৱাহাটী জিলা মইনা পাৰিজাতৰ উদ্যোগত তথা উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত উত্তৰ গুৱাহাটী শিলসাঁকোৰ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব।

এই উপলক্ষে ২৫ মাৰ্চৰ পুৱা পতাকা উত্তোলন কৰিব চন্দ্ৰ ভাৰতী মইনা পাৰিজাতৰ মইনা অৰিন্দম চাংকাকতিয়ে। পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰিব মইনা ভূপালী গোস্বামী আৰু সাহিত্যিক যাদৱ শৰ্মাই।

একেদৰে দিনৰ ১০ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু ১১ বজাত আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাত  নলিনীবালা দেৱী ৰচিত ‘জনমভূমি’ কবিতাটোহে আবৃত্তি কৰিব পাৰিব বুলি উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া স্মৃতিচাৰণ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্ত আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তাৰিণীকান্ত হালৈ।

অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষৰে সহায়-সহযোগিতা কামনা কৰিছে আয়োজকসকলে।