NORTHEAST NOW (Assamese)
অসম

বহিঃৰাজ্যৰ গামোচা, চাদৰ-মেখেলাৰ বিৰুদ্ধে টিহুৰ ৰাজপথত শিপিনীৰ সজাগতামূলক শোভাযাত্ৰা

Posted by: উৎপল গোস্বামী March 24, 2018 2:45 pm
tihu sipini groups

আজি টিহু উন্নয়ন খণ্ড আৰু গামোচা এন.জি.অ.ৰ যুটীয়া সহযোগত টিহুত বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত উৎপাদিত আৰু আমাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিক্ৰী হৈ থকা চালানী গামোচা,চাদৰ মেখেলা আদিৰ প্ৰচলন ৰোধ কৰি থলুৱা ভাবে উৎপাদিত গামোচা, মেখেলা, চাদৰ আদি কিনাৰ প্ৰতি মানুহৰ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এক সজাগতামূলক শোভাযাত্ৰাৰ আয়োজন কৰা হয় ।

টিহু উন্নয়ন খণ্ডৰ প্ৰায় এঘাৰ শ মহিলা আত্মসহায়ক গোটে ভাগ লোৱা এই শোভাযাত্ৰাত মহিলা সকলে হাতে হাতে পোষ্টাৰ বেনাৰ আদি লৈ “অসম দেশ শিপিনীৰ দেশ, বহিঃৰাজ্যৰ গামোচা, মেখেলা চাদৰ বিক্ৰী বন্ধ কৰক, বহিঃৰাজ্যৰ কাপোৰ বৰ্জন কৰক ” আদি ধ্বনিৰে টিহুৰ আকাশ বতাহ কপাই তোলে । প্ৰায়  ডেৰ কিলোমিটাৰ জোৰা এই শোভাযাত্ৰা টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ টিহু হৰি মন্দিৰ প্ৰাংগনত শেষ হয় । ইয়াত এখন সভা অনুষ্ঠিত কৰা হয় আৰু সভাত উপস্থিত থকা টিহু খণ্ড উন্নয়ন বিষয়া, নলবাৰী হস্ত তাঁত আৰু বস্ত্ৰ উদ্যোগৰ পৰিদৰ্শক আৰু অন্যান্য বিষয়ববীয়াই উপস্থিত শিপিনী সকলৰ সৈতে মতবিনিময় কৰে ।

জীৱিকা সখী ৰীতা ৰাজবংশী আৰু আৰতি ৰাজবংশীয়ে জানিবলৈ দিয়া মতে  অহা বহাগ বিহুৰ আগে আগে টিহুত  থলুৱাভাৱে উৎপাদিত কাপোৰৰ মেলা এখনো আয়োজন কৰাৰ কথা ইয়াত আলোচনা কৰি সিদ্ধান্ত লোৱা হয় ।

এনেধৰণৰ কাৰ্যসূচীয়ে এই অঞ্চলৰ থলুৱা বস্ত্ৰ শিল্পক উদগনি দিয়াৰ উপৰিও গ্ৰাম্য অৰ্থনীতিত নাৰীৰ ভুমিকা আৰু নাৰী সবলীকৰণৰ ওপৰতো যথেষ্ট যোগাত্মক অৰিহণা আগবঢ়াব বুলি ৰাইজে সন্তুষ্টিমুলক মন্তব্য কৰে ।