NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজত গুলীয়াগুলী : এজন চোৰাংচিকাৰী নিহত

Posted by: এন ই নাও নিউজ April 6, 2018 9:46 pm

বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে অত্যাধুনিক মৰণাস্ত্ৰৰে গঁড় নিধন কৰি অহাৰ সময়তে শুকুৰবাৰে নিশা কাজিৰঙাত গঁড় নিধনৰ উদ্দেশ্যে প্ৰৱেশ কৰা চোৰাংচিকাৰী আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী হয়।

প্ৰাপ্ত তথ্য মতে কাজিৰঙাৰ দেওচুৰচাঙত সংঘটিত আৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজৰ প্ৰচণ্ড গুলীয়াগুলীৰ ফলত এজন চোৰাংচিকাৰী নিহত হয়। নিহত চোৰাংচিকাৰী জনৰ পৰা আৰক্ষীয়ে এটা একে ৫৬ ৰাইফল উদ্ধাৰ কৰে। লগতে আৰু কেইবাজনো আহত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীৰ সূত্ৰই। সূত্ৰটোৰ মতে বৰ্তমানেও আৰক্ষী আৰু চোৰাংচোৱাৰ মাজত গুলীয়াগুলী চলি আছে।

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাৰ নেতৃত্বত কাজিৰঙাৰ দেওচুৰচাঙত চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান চলিছিল।