NORTHEAST NOW (Assamese)
Popular Stories

দুটা সপ্তাহৰ ভিতৰত অসম কন্যা হিমা দাসৰ তৃতীয়টো সোণৰ পদক অৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2019 7:55 am
দুটা সপ্তাহৰ ভিতৰত অসম কন্যা হিমা দাসৰ তৃতীয়টো সোণৰ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ উজলি উঠিছে অসম কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাস। শনিবাৰে অৰ্থাৎ ১৩ জুলাইত ডেছ ৰিপাব্লিকৰ ক্লাডন’ মেম’ৰিয়েল এথলেটিকছ মীটত তৃতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

মহিলাৰ ২০০ মিটাৰ প্ৰতিযোগিতাত অসম কন্যা হিমা দাসে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

দুটাসপ্তাহৰ ভিতৰত অমস কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে তিনিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ২ জুলাইত পোলেণ্ডত অনুষ্ঠিত ‘পোজনান এথলেটিকছ গ্ৰাণ্ড পিক্সত’ মহিলাৰ দুশ মিটাৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিছিল হিমা দাসে।

পুনৰ হিমাই ‘কুটন’ এথলেটিকছ মিটত’ মহিলাৰ ২০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল। এই ২০০ মিটাৰ দৌৰৰ প্ৰতিযোগিতাত হিমাই ২৩.৯৭ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থানত ৰ’বলৈ সক্ষম হৈছিল।