NORTHEAST NOW (Assamese)
অসম

বন্ধ্যাকৰণৰ সময়তে মহিলাৰ মৃত্যুৰ অভিযোগ,উত্তপ্ত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 9, 2021 8:49 pm
a man

বন্ধ্যাকৰণৰ সময়তে দুটি কণমানি শিশুৰ ৰ মাতৃৰ মৃত্যুক কেন্দ্ৰ কৰি আজি তামুলপুৰৰ নাগ্ৰিজুলী চিকিৎসালয় ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ-মহিলাই ।

জন্ম নিয়ন্ত্ৰণৰ কাৰনে বন্ধ্যাকৰণ আঁচনিৰ অধীনত তামুলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত অনুষ্ঠিত বন্ধ্যাকৰণ শিবিৰত ইক্ৰাজুলি গাৱঁৰ বতন হেমৰমৰ পত্নী জোনালী বাস্কে নামৰ এগৰাকী মহিলাৰ বন্ধ্যাকৰণ কৰিবলৈ লওঁতেই হঠাৎ অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয় ।

ইয়াৰ প্ৰতিবাদত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ-মহিলাই।অভিযোগ অনুসৰি, চিকিৎসা বিভাগৰ নীতি-

নিৰ্দেশনা অমান্য কৰি প্রয়োজনকৈ অধিক লোকক একেদিনাই অৰ্থাৎ সোমবাৰে বন্ধ্যাকৰণ কৰাৰ লগতে পৰিয়ালৰ অনুমতি আৰু চহী নোলোৱাকৈ কৰিছিল বন্ধ্যাকৰণ ।

আজি দল-সংগঠনৰ বিষয় ববীয়াই চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ সবিশেষ জানিবলৈ বিচৰাত চিকিৎসা বিভাগে কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

চিকিৎসা বিভাগৰ হেমাহি আৰু গাফিলতিৰ বাবেই এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ একাংশৰ ।

ডাঃ ৰাতুল দাসক ফাঁচী দিয়ক, মহকুমা স্বাস্থ্য বিষয়া ডাঃ হৰিমোহন কলিতা মূর্দাবাদ, চিকিৎসা বিভাগ হায় হায়, আমাক ন্যায় লাগে ন্যায় দিয়ক, পৰিয়ালক ক্ষতিপূৰণ দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চিকিৎসালয় প্ৰাংগণ।

ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে আৰক্ষী প্ৰশাসনে ।

সোমাবাৰে অনুষ্ঠিত হোৱা বন্ধ্যাকৰণ শিবিৰত ডাঃ হৰিমোহন কলিতাই শিবিৰত উপস্থিত নথকা আৰু মহিলাগৰাকীৰ মৃত্যুৰ ১৮ ঘণ্টা উকলি যোৱাৰ পিছতো নাগ্ৰীজুলিত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে।

ইপিনে মহিলা গৰাকীৰ মৃত্যুৰ খবৰ পাই আজি বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়ো নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয়।

সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰে যে ঘটনা সন্দৰ্ভত এক তদন্ত কৰা হব আৰু দোষীক উপযুক্ত শাস্তি দিয়া হব। মহিলা গৰাকীৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰো আশ্বাস বিটিচিৰ কাৰ্যবাহী সদস্য গৰাকীৰ।

তামুলপুৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ হৰিমোহন কলিতাৰ ভূমিকাতো তীব্ৰ ক্ষোভ প্ৰকাশ বিটিচিৰ কাৰ্যবাহী সদস্য গৰাকীৰ।

ইপিনে আজি সন্ধিয়া প্ৰায় সাত বজাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মৃত জোনালী বাস্কেৰ বাসগৃহত উপস্থিত হৈ মহিলা গৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে আৰু ঘটনাৰ উচিত তদন্ত কৰা হব বুলি ৰাইজক আশ্বাস দিয়ে।