NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ লক্ষীপথাৰত গোচনাৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী

Posted by: মানস প্ৰতিম গগৈ January 6, 2019 11:01 pm
Tinsukia

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ অঞ্চলৰ গোচনাৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে ৭, ৮ আৰু ৯ জানুৱাৰিত।

১৯৬৮ চনত স্থাপিত হোৱা বিদ্যালয়খনে এসময়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে।

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, দ্বিতীয় দিনা ভেশচন, গীত-মাত প্ৰতিযোগিতা, তৃতীয়দিনা আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি “সামাজিক জীৱন যাপনত শিক্ষাৰ ভূমিকা” শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মোহন মৰাণে সঞ্চালনা কৰিবলগীয়া আলোচনা চক্ৰত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাণা চাংমাই, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ ৰমেন হাজৰিকা আৰু ডঃ ৰুণজুন শইকীয়াই অংশগ্ৰহণ কৰিব।

তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক-লেখক ভূষণজ্যোতি সন্দিকৈয়ে অংশগ্ৰহণ কৰাৰ উপৰিও নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাংবাদিক-লেখক কনৌজ শইকীয়া, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সঞ্জয় কিষাণ, “আলোক অভিযান”ৰ সম্পাদক অপৰ্ণা বৰাকে প্ৰমুখ্য কৰি ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।

উদযাপন সমিতিয়ে তিনিওদিনৰ কাৰ্যসূচীতে সকলোৰে উপস্থিতি কামনা কৰিছে।