NORTHEAST NOW (Assamese)
অসম

জে ই ই: বন্ধই অসুবিধা দিব পৰীক্ষাৰ্থীক? নৰ্থ ইষ্ট নাও-ত স্পষ্টীকৰণ আছু সভাপতিৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 6, 2019 10:39 pm
jee

বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে আছুসহ অসমৰ ৩০টা সংগঠন আৰু নেছ’ই আহ্বান কৰা সমগ্ৰ উত্তৰ-পূব বন্ধতে আছে ইঞ্জিনিয়াৰিঙৰ গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা জে ই ই (Joint Entrance Examination)।

আই আই টি, এন আই টিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিত চলা ভাৰতৰ সকলো অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰে এই যুটীয়া প্ৰৱেশ পৰীক্ষাটো পৰিচালনা কৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনস্থ নেচনেল তে’স্তিং এ’জেন্সিয়ে।

লগতে পঢ়ক– আছুলৈ কেন্দ্ৰৰ প্ৰস্তাৱ চিধা প্ৰত্যাখ্যান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়সমূহ দল-সংগঠনে সমৰ্থন কৰা বন্ধটোক লৈ স্বাভাৱিকতে চিন্তিত জে ই ইৰ লগতে আন সকলো পৰীক্ষাৰ্থীকে বন্ধৰ নামত কোনো ধৰণৰ অসুবিধা হ’বলৈ দিয়া নহয় বুলি ঘোষণা কৰিছে আছুৰ শীৰ্ষ নেতৃত্বই।

আছুৰ সভাপতি দীপাংক নাথে দেওবাৰে নৰ্থ ইষ্ট নাও-ক কয়, “আমি অতি অনিশ্চাসত্ত্বেও এই বন্ধ ঘোষণা কৰিবলগীয়া হৈছে। আমি বন্ধৰ পৰা পৰীক্ষা ৰেহাই দিছো। পৰীক্ষাত অৱতীৰ্ণ হওঁতে বা পৰীক্ষা কেন্দ্ৰলৈ যাওঁতে পৰীক্ষাৰ্থীক বাধা দিয়া নহয়।”

একোখনকৈ গাড়ী ভাৰা কৰাটো পৰীক্ষাৰ্থীৰ বাবে কঠিন হোৱাৰ পৰিপ্ৰেক্ষিতত দল বান্ধি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৰ সভাপতিজনে।

“অসুবিধাৰ বাবে আমি দুঃখিত। আমি দুদিনৰ আগতেই বন্ধ ঘোষণা কৰিছো, গতিকে পৰীক্ষাৰ্থীসকলক আগতীয়াকৈ তেওঁলোকৰ ব্যৱস্থা কৰি ল’বলৈ অনুৰোধ জনাইছো। দুখীয়া পৰিয়ালৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ অকলে গাড়ী ভাড়া লৈ নিয়াত অসুবিধা হ’ব। তেওঁলোকে কেইবাজনো লগ লাগি গাড়ী ভাড়ালৈ ল’ব পাৰে,” মন্তব্য নাথৰ।

জাতিৰ সংকটৰ সময়ত উপায়হীন হৈহে বন্ধৰ কাৰ্য্যসূচী লোৱা হৈছে বুলি মন্তব্য কৰি নাথে লগতে জনাই যে চিকিৎসাকে ধৰি সকলো জৰুৰী সেৱা, পানী, গাখীৰকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান, নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন, গোৰ্খা ছাত্ৰ সন্থাৰ সভা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অধিৱেশন আৰু তেজপুৰত কাৰ্তিক হাজৰিকা নাট সমাৰোহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।