NORTHEAST NOW (Assamese)
Popular Stories

”শিশুবিলাকক গুলিয়াই নামাৰিব, প্ৰয়োজনত মোকে হত্যা কৰক!”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2021 8:27 pm

 ”শিশুবিলাকক অত্যাচাৰ আৰু গুলিয়াই মৰাতকৈ মোকে হত্যা কৰক”।- এগৰাকী নানৰ  এই হৃদয়বিদাৰক বক্তব্যই ম্যানমাৰৰ সামৰিক সন্ত্ৰাসৰ ভয়াবহতাক প্ৰতিফলিত কৰিছে।

ইতিমধ্যে তেওঁৰ এই বক্তব্যটো সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে।

উত্তৰ ম্যানমাৰৰ এখন চহৰ মিটকিনাত সোমবাৰে সংঘটিত হৈছে এই ঘটনা।

চহৰখনৰ এটা কেথলিক গীৰ্জাৰ এগৰাকী নানে অস্ত্ৰধাৰী আৰক্ষীৰ দল এটাৰ সমুখত আঁঠুকাঢ়ি শিশুসকলৰ প্ৰাণভিক্ষা কৰিছে।

আৰক্ষীৰ দলটো তাত উপস্থিত হৈছিল সামৰিক শাসনৰ প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবৰ বাবে।

”মই আঁঠু কাঢ়িছিলো… অনুৰোধ কৰিছিলো যাতে শিশুসকলক অত্যাচাৰ নকৰে আৰু গুলিয়াই নামাৰে।”- এন ৰ’জ নু টাৱং নামৰ ৪৫ বৰ্ষীয়া নানগৰাকীয়ে এই সম্পৰ্কত কয়।

উল্লেখযোগ্য যে মিটকিনা চহৰখন ম্যানমাৰৰ কাছিন প্ৰদেশৰ ৰাজধানী আৰু কাছিন প্ৰদেশ অন্যতম স্পৰ্শকাতৰ অঞ্চল।

মিটকিনা চহৰত ইতিমধ্যে দুজন প্ৰতিবাদকাৰীক গুলিয়াই মৰা হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে।