NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত ইণ্ডিয়ান আচিয়ান কাৰ ৰেলী : নিশা অগৰাতলি ৰিজৰ্টত কটাই পুৱাতেই গুৱাহাটীলৈ যাত্ৰা

Posted by: উত্তম শইকীয়া February 2, 2018 12:42 pm
Team of indian asian car rally

৪ খন ৰাষ্ট্ৰৰ ৭ খন চহৰ পৰিভ্ৰমন কৰি বৃহস্পতিবাৰে বিয়লি বোকাখাতত আহি উপস্থিত হয় ইণ্ডিয়ান আচিয়ান কাৰ ৰেলী ।দক্ষিণ এচিয়াৰ ৰাষ্ট্ৰ সমুহৰ মাজত বানিজ্যিক আৰু বন্ধুত্বৰ সম্পৰ্ক উন্নিতকৰনৰ লক্ষ্যৰে তথা গড়ঁ হত্যা ৰোধ কৰাৰ মানসেৰে এই ৰেলীৰ আয়োজন কৰিছিল।

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ ৰিজৰ্টত নিশা কটায় আজি ৰাতিপুৱা ভাগত গুৱাহাটি অভিমুখে যাত্ৰা আৰম্ভ কৰে এই কাৰ ৰেলীয়ে ৷ ইণ্ডিয়ান আচিয়ান কাৰ ৰেলীত দেশৰ চাৰি ৰাজ্যৰ মুঠ ৪৯ গৰাকী প্ৰতিনিধিয়ে অংশ লৈছে ৷

নৰ্থ ইষ্ট ফেডাৰেচন অৱ ইন্টাৰনেচনেল ট্ৰেড নামৰ সংগঠনটোৱে আয়োজন কৰা এই কাৰ ৰেলীৰ মুখ্য উদ্দেশ্য আছিল কাজিৰঙাৰ গড়ঁ হত্যাৰ প্ৰতিৰোধৰ বাবে দক্ষিণ এচিয়াৰ ৰাষ্ট্ৰবোৰত সচেতনতাৰ সৃষ্টি কৰা ৷ কাৰণ দক্ষিণ এচিয়াৰ বহুবোৰ দেশত আছে গড়ঁ খড়্গৰ এখন ৰমৰমীয়া আন্তঃৰাষ্ট্ৰীয় বজাৰ ৷ এই কাৰ ৰেলীৰ দলটোৱে গড়ঁ হত্যা ৰোধ কৰাৰ বাবে যাত্ৰা পথত বিভিন্ন দেশত  সজাগতা অনুষ্ঠানৰো আয়োজন কৰে ৷

তদুপৰি আজি পুৱা কাৰ ৰেলীত অংশগ্ৰহণ কৰা সকলো সদস্যই অগৰাতলী ৰিজৰ্টত এখন সংবাদ মেলৰ আয়োজন কৰে।  উক্ত সংবাদ মেলত দলটোৰ সকলো সদস্যই ৰেলীৰ সময়ৰ ৰোমাঞ্চিত অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে ৷ সংবাদ মেলৰ আঁত ধৰে দলটোৰ মুখ্য উপদেষ্টা তথা গুৱাহাটী আই আই টিৰ অধ্যাপক ড৹ অৰূপ গগৈয়ে ৷

উল্লেখযোগ্য যে যোৱা ১২ জানুৱাৰীত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰা এই কাৰ ৰেলীয়ে যাত্ৰা কালত ইম্ফল, মোৰে হৈ ম্যানমাৰৰ মাণ্ডালয় আৰু য়াগুন হৈ লাওচৰ ভিয়েনটিয়েন পাইছিল গৈ ৷ মনকৰিবলগীয়া যে ইণ্ডো আচিয়ান কাৰ ৰেলীটোৱে মুঠ ৭০০০ কিলোমিটাৰ অতিক্ৰম কৰাৰ অন্তত বৃহস্পতিবাৰে কাজিৰঙাত উপস্থিত হয় ৷

আনহাতে দলটোৱে টাটা কোম্পানীৰ হেক্সা নামৰ অত্যাধুনিক গাড়ীৰে যাত্ৰা কৰিছিল। আজি পুৱা পুনৰ ইণ্ডিয়ান আচিয়ান কাৰ ৰেলী  দলটোৱে কাজিৰঙাৰ অগৰাতলিৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে।

গুৱাহাটীত হ’বলগীয়া গ্লবেল ইনভেষ্টৰ্চ চামিটত এই কাৰ ৰেলীটোৰ যাত্ৰাৰ সামৰণি পৰিব ৷ গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইণ্ডিয়ান আচিয়ান কাৰ ৰেলীৰ ফ্লেগ ডাউন কৰিব ৷